অসমৰ পৰা মেঘালয়লৈ ইন্ধন যোৱা বন্ধ।
মেঘালয়ৰ বহু এলেকাত পেট্ৰ’ল পাম্পত নাই তেল।
আন্তঃৰাজ্যিক সীমান্তত সংঘটিত হিংসাত্মক ঘটনাৰ পটভূমিত অসমৰ পেট্ৰ’লিয়াম শ্ৰমিকৰ শীৰ্ষ সংস্থা অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নে অসমৰ পৰা যোৱা বাহনসমূহত আক্ৰমণ সংঘটিত হোৱাৰ পিছত তেওঁলোকে মেঘালয়লৈ ইন্ধন পৰিবহন বৰ্তমান বন্ধ কৰিছে।
অসম–মেঘালয়ত সংঘটিত হিংসাত্মক ঘটনাৰ পিছত পাহাৰীয়া ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত মেঘালয়ৰ বাহিৰৰ পৰা যোৱা কমেও পাঁচখন বাহনত জুই লগোৱা হৈছিল।
ইয়াৰ পূৰ্বে, অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নে মেঘালয়ত অসমৰ ট্ৰাক চালক সকলক দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাৰ পিছত মেঘালয়লৈ পেট্ৰ’লিয়াম সামগ্ৰীৰ পৰিবহন বন্ধ কৰাৰ বাবে ভাবুকি দিছিল।
এই সিদ্ধান্তৰ পিছতেই মেঘালয়ৰ বহু এলেকাত থকা পেট্ৰ’ল পাম্পত নাই তেল। উল্লেখ্য যে, মেঘালয় চৰকাৰে অসমৰ পেট্ৰ’লিয়াম পৰিবহনকাৰী সকলক সুৰক্ষাৰ আশ্বাস দিছে।
জানিব পৰা মতে, মেঘালয়ৰ সকলো জিলাৰ উপায়ুক্ত আৰু এছ পি সকলক পেট্ৰ’লিয়াম পৰিবহনকাৰী বাহনৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়া হৈছে।