কলগাছিয়াৰ জাউৰীমাৰীত বন বিভাগৰ অভিযান ৷ তিনি খনকৈ অবৈধ কাঠফলা মিল জব্দ ৷
বৰপেটা ৰোড আঞ্চলিক বন বিভাগে গোপন সুত্ৰৰ পম খেদি আজি কলগাছিয়াৰ জাউৰীমাৰীত জোৰদাৰ অভিযান চলায় ৷ এই অভিযান কালত খৰিচালা আৰু জাৱৰীমাৰীৰ পৰা তিনিখনকৈ অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয় ৷ বৰপেটা ৰোড বন বিষয়া প্ৰশান্ত গগৈৰ নেতৃত্বত চলা এই অভিযানত সৰভোগ বন বিভাগৰ বিট অফিচাৰ প্ৰনৱ দাস আদিকে ধৰি ভালে কেইজন বন বিভাগৰ লোক উপস্থিত থাকে ৷ বন বিভাগৰ এই অভিযানক বিভিন্ন মহলে আদৰণি জনাইছে ৷