Monday, January 30, 2023
Google search engine
Homeঅসমচুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাত অসমৰ জীয়েকক হত্যা৷

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাত অসমৰ জীয়েকক হত্যা৷

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাত অসমৰ জীয়েকক হত্যা৷
মানকাচৰৰ মলাখোৱা গাৱঁৰ জীয়ৰী জনীৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য৷
মহিলা গৰাকীক স্বামীৰ ঘৰত হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা স্বামীৰ পৰিয়ালৰ লোকৰ।
মহিলাগৰাকী হৈছে মানকাচৰৰ মলাখোৱা গাৱঁৰ আমিনুৰ ইছলামৰ কন্যা ৰহিমা খাতুন৷
দুই বছৰ পূৰ্বে ইছলামিক নীতি নিয়মৰ মাজেৰে অসম-মেঘালয় সীমান্তবৰ্তী অঞ্চল মেঘালয়ৰ কাশাৰিপাৰা গাৱঁৰ নুৰ আজিজৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল৷
বিবাহৰ পিছত যৌতুক বিচাৰি স্বামীৰ পৰিয়ালৰ লোকে মহিলা গৰাকীক মানসিক আৰু শাৰীৰিক অত্যাচাৰ কৰিছিল৷ শনিবাৰে পুৱা নুৰ আজিজৰ পৰিয়ালৰ লোকে মহিলা গৰাকীক হত্যা কৰি আত্মহত্যা ৰূপ দিয়াৰ অভিযোগ মৃতকৰ পৰিয়ালৰ লোকৰ৷
মৃত্যুৰ পূৰ্বে ৰহিমা খাতুনে তেওঁক অত্যাচাৰ কৰাৰ কথা ফোন কৰি অৱগত কৰিছিল তেওঁৰ পিতৃৰ পৰিয়ালৰ লোকক৷
ঘটনা সন্দৰ্ভত ৰহিমা খাতুনৰ পিতা আমিনুৰ ইছলামে মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ হিলেডীগঞ্জ থানাত নুৰ আজিজৰ লগতে আৰু তিনিজনৰ বিৰুদ্ধে এখন এজাৰ দাখিল কৰিছে৷
উক্ত এজাহাৰৰ ভিত্তিত মেঘালয়ৰ আৰক্ষীয়ে স্বামী নুৰ আজিজক গ্ৰেপ্তাৰ কৰিছে যদিও বাকী অভিযুক্তক এতিয়ালৈকে মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই৷
ইফালে মৰনোত্তৰ পৰীক্ষাৰ পিছত আজি আবেলি ৪ বজাত মৃতদেহ মানকৰচৰৰ মলাখোৱাত আনাৰ পিছত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ একাংশ গাৱঁৰ ৰাইজে হাতে হাতে প্লে-কাৰ্ড লৈ হত্যাকাৰী শাস্তিৰ দাবী জনায়৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments