Friday, February 3, 2023
Google search engine
Homeঅসমনবেম্বৰ মাহতে গুৱাহাটী ব্ৰহ্মপুত্ৰৰ তলি উদং

নবেম্বৰ মাহতে গুৱাহাটী ব্ৰহ্মপুত্ৰৰ তলি উদং

নবেম্বৰ মাহতে গুৱাহাটী ব্ৰহ্মপুত্ৰৰ তলি উদং । পানী নাই বৰলুইতত, চৌদিশে শুভ্ৰ বালিৰে মৰুভুমি সদৃশ পৰিবেশ । অভাবনীয় ভাবে বৰলুইতৰ পানী শুকাই যোৱাকলৈ চিন্তিত ব্ৰহ্মপুত্ৰ উপতক্যাৰ লোক সকল।
সৰ্বকালৰ অভিলেষ ভাঙি ব্ৰহ্মপুত্ৰৰ পানী কমিবলৈ লৈছে । পানীৰ গভীৰতা কমি যোৱাৰ বাবেই সঘনাই গুৱাহাটী জাহাজ ঘাট স্থানান্তৰ কৰিব লগীয়া হৈছে । পানীৰ মাজৰ বালি চৰৰ বাবে প্ৰায়েই জাহজ চলাচলতো জন্মে ব্যাঘাট । যাৰ বাবে ড্ৰেজাৰৰ সহায়ত লুইতৰ বালি খান্দিবলৈ লৈছে জল সম্পদ বিভাগে । কিন্তু, লুইতৰ বালি খননতো অহা নাই কামত । ব্ৰহ্মপুত্ৰৰ পানী শুকোৱাৰ বাবেই টিউবেল ,কুৱাৰ পানীও নাইকীয়া হবলৈ লৈছে । যি কথাই অসমবাসীলৈ অশনি সংকেট কঢ়িয়াইছে ।
বৰলুইতই নিজ চৰিত্ৰ হেৰুৱাইছে কিয় ? ৰঙা চীনৰ ১৮টাকৈ নদীবান্ধৰ বাবে পানী নাইকিয়া হৈছে নেকি ব্ৰহ্মপুত্ৰৰ । ভুতত্ববিদ -বিজ্ঞানী সকলৰ বাখ্যাই যদি সত্য হয় , জাতিটোৰ সমুখত সৃষ্টি হব প্ৰবল প্ৰত্যাহ্বান । অসমীয়া জাতিৰ আয়ুস ৰেখা ব্ৰহ্মপুত্ৰৰ এই ভয়াবহ সংকেতকলৈ গুৰুত্ব নাই চৰকাৰ তথা সংশ্লিষ্ট মহলৰ । জাতীয় দল সংগঠণেও সমুখত থিয় দিয়া ভয়াবহ বিপদকলৈ মুৰ ঘমোৱা নাই । এই দুৰ্যোগৰ সময়ত কিবা বাখ্যা আছেনে চৰকাৰ প্ৰশাসনৰ ওচৰত ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments