পথচাৰীৰ আহযাহৰ মাজতেই সোমাজেদি ভাঙি গ’ল কাঠৰ দলং,নগৰবেৰাত কাঠৰ দলংত যাতায়তৰ আহুকাল,শীঘ্ৰে পকী দলং অথবা কাঠৰ দলং মেৰামতিৰ দাবী ৰাইজৰ
#মৰণ ফান্দ সদৃশ দলঙৰে ৰাইজৰ বিপদসংকুল যাতায়ত অব্যাহত ।
কামৰূপৰ নগৰবেৰাৰ জলজলী নদীৰ ওপৰৰ ৰাজ্যৰ দীৰ্ঘতম কাঠৰ দলংখন মেৰামতি অভাৱত সম্প্ৰতি মৰণ ফান্দত হৈ পৰিছে আনহাতে যোৱা নিশা ৰাস দৰ্শনাৰ্থীৰ অত্যাধিক ভিৰৰ বাবেই দলংৰ মাজেদি ভাঙি যোৱাত সম্প্ৰতি বৃহত্তৰ অঞ্চলটোলৈ নামিছে যাতায়তৰ আহুকাল
স্মৰ্তৱ্য যে দুবছৰ পূৰ্বে জলজলী নদীৰ ওপৰত প্ৰায় ১ কোটি ১৪ লাখ টকা ব্যয় কৰি ৰাইজে নিৰ্মাণ কৰা দলঙখন গড়কাপ্তানী বিভাগে আজিৰে পৰা আঠমাহ পূৰ্বে চমজি লয়
ৰাইজে গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰা দলঙখন গড়কাপ্তানী বিভাগে চমজি লোৱাৰ পিছৰে পৰা ন্যূনতম মেৰামতি নকৰাত দলংখন
সম্প্ৰতি জৰাজীৰ্ণ হৈ পৰিছে, জহি খহি যাবলৈ ধৰা দলংখনেৰে ইতিমধ্যে চাৰিচকীয়া বাহনৰ লগতে ই-ৰিক্সাৰ চলাচলো বন্ধ কৰি দিয়া হৈছে
দলংখনেৰে যান-বাহন চলাচল বন্ধ কৰি দিয়াত এম্বুলেঞ্চ সেৱাও ব্যাহত হৈ পৰিছে ,এইদৰে দলংৰ মাজত ভাঙি বিপদসংকুল হৈ পৰিছে পথচাৰীৰ বাবে
জলজলী নদীখনত এখন পকী দলং নিৰ্মাণ তথা সম্প্ৰতি থকা কাঠৰ দলংখন মেৰামতিৰ দাবীত ৰাইজে বাৰম্বাৰ চৰকাৰ, প্ৰশাসন,জনপ্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষক দাবী কৰা স্বত্বেও কোনো সুফল নোপোৱাৰ অভিযোগ
ৰাইজে বিচৰা ধৰণেৰে দলং মেৰামতি কিম্বা কংক্ৰিটৰ দলং এখনৰ দিহা হ’বনে আগলৈ ?