ভাৰতৰ উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা গংগা বিলাস নামৰ এটি বিলাসবহুল জাহাজ অসমৰ ডিব্ৰিগড় লৈ যাত্ৰা আৰম্ভ কৰিব। ৫০ দিনৰ এই দীৰ্ঘ ভ্ৰমণৰ বিলাসবহুল জাহাজ খন ভাৰতৰ বাৰাণসীৰ পৰা বাংলাদেশ হৈ অসমৰ ডিব্ৰুগড় হৈ যাব। এই ভ্ৰমণটো বাংলাদেশৰ মোংলা বন্দৰ,বাগেৰহাট,উপকুল অঞ্চলৰ মোড়েলগঞ্জ,বৰিশাল, সোনাৰ গাওঁ হৈ ৯ ফেব্ৰুৱাৰীত বাংলাদেশৰ ৰাজধানী ঢাকাত উপস্থিত হ’ব। ইয়াৰোপৰিও বাংলাদেশৰ আৰিচা,টাংগাইল,সিৰাজগঞ্জ,চিলমাৰী, অসমৰ ধুবুৰী, গোৱালপাৰা হৈ ২০ ফেব্ৰুৱাৰীত ভাৰতৰ গুৱাহাটীত উপস্থিত হোৱাৰ সম্ভাৱনা আছে,আকৌ ২৬ ফেব্ৰুৱাৰীত মাজুলীত উপস্থিত হ’ব আৰু ১ মাৰ্চত অসমৰ ডিব্ৰগড়ত বিলাসবহুল জাহাজখনৰ যাত্ৰা শেষ হ’ব। বিলাসবহুল জাহাজখন বাংলাদেশত ১৫ দিন অৱস্হান কৰিব আৰু একেই সময়ত বাংলাদেশত ১ হাজাৰ ১শ কিলোমিটাৰ ৰাস্তা অতিক্ৰম কৰিব। ইয়াৰোপৰিও বাংলাদেশৰ উপকূল অঞ্চলৰ চৰহেয়াৰ,সোনাৰচৰ,চমেন্তাজ আৰু মুকৰিসহ বংগোপসাগৰ উপকুলৰ দ্বীপত ভাৰতৰ পৰা যোৱা পৰ্যটকৰ সংখ্যা বৃদ্ধি হৈছে। বাংলাদেশৰ বংগোপসাগৰ উপকুলে সুবিধাৰ ম্যানগ্ৰোভ বনাঞ্চলে মুৰ ওখ হৈ থিয় হৈ আছে নানা প্ৰজাতিৰ গছ গছনি। নীল ৰংঙৰ সাগৰ ঢৌ,হৰিণাৰ সৌন্দৰ্য,জাকে জাকে চৰাই উৰি থকা, নদীৰ মাজত মাছমৰীয়া ৰ মাছ মৰাৰ দৃশ্য মনটো ভাল কৰি তুলিব।