মৰিগাঁৱৰ বৰবৰী গাঁৱত দলং মেৰামতিৰ নামত ব্যাপক অনিয়ম। ডিজিটেল যুগতো আদিম অৱস্থাত থকা এখন দলঙৰ অৱস্থা চাওক! কেনেদৰে স্থানীয় ৰাইজে দাঙি পাৰ কৰাইছে এখন টমটম।
সাংবাদিকৰ কেমেৰাৰ সন্মুখতে দলঙত পৰিল এজন বাইক আৰোহি।
দৃশ্য দুটা চাই হয়তু ধৰিবই পাৰিলে আচল ঘটনাটো কি!
এতিয়া আহিছো মূল কথালৈ..
মৰিগাঁৱ জিলাৰ বৰবৰী গাঁও পঞ্চায়তত অৱস্থিত নৰসিংবৰী আৰু বহলাৰমুখৰ পৰা মৰিগাঁও সংযোগী পথটিত অৱস্থিত এইখন দলং এবছৰ নহওঁতেই জহি-খহি যাতায়ত কৰা সকলৰ বাবে কঢ়িয়াই আনিছে তীব্ৰ ভাবুকিৰ।
দলং খন নিৰ্মাণ হোৱা এক বছৰ নহওঁতেই মেৰামতিৰ দৰকাৰ হোৱাত মেৰামতিৰ কাম চলি থকা সময়তে ৰাইজে মাতিলে সাংবাদিক।সাংবাদিক অহা খবৰ পায়েই দলং মেৰামতি কৰি থকা মিস্ত্ৰী সকলে টালী টোপোলা বান্ধি মেৰামতিৰ বাবে অনা সামগ্ৰী সমূহ লৈ সাংবাদিকৰ সন্মুখতেই গাড়ী ভৰ্তি কৰি পলাল।
পলোৱাৰ কাৰণ কি এতিয়া জানো আহক: বৰবৰী গাঁৱত এইখন দলং মেৰামতিৰ কাম দুদিন ধৰি আৰম্ভ হৈছিল অতিকৈ নিম্ন মানৰ কাঠেৰে।যেনী টেনি ফোঁপোলা কাঠেৰে দলং মেৰামতি কৰা কথাটো স্থানীয় ৰাইজে গম পাই মাতিলে সাংবাদিক, সাংবাদিক অহা দেখি কাম বন্দ কৰি পলাল মিস্ত্ৰী সকল।
উপায়হীন হৈ স্থানীয় ৰাইজে দলং মেৰামতি কৰাৰ ঠিকা লোৱা ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তাৰ বিৰুদ্ধে কৰিলে প্ৰতিবাদ।
এতিয়া প্ৰশ্ন হয়,অসম তথা ভাৰত চৰকাৰে ৰাইজৰ সুবিদাৰ্থে দলং,পথ আদি নিৰ্মাণ কৰা বাবে কোটি কোটি টকা অবন্টন কৰি দিয়ে।আৰু সেই ধনেৰেই উচ্চ উচ্চ অট্টালিকা তৈয়াৰ কৰে একাংশ দুৰ্নীগ্ৰস্ত ঠিকাদাৰ আৰু অভিযন্তাই।নিজৰ মুনাফা লাভৰ বাবে ৰাইজক মৃত্যুৰ মুখলৈ ঠেলি দিয়া এনেকুৱা দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ আৰু বিষয়া সকলৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা লব সেয়া সময়ত হব লক্ষণীয়।