শিৱসাগৰৰ আমগুৰিত এটা পৰিয়ালৰ কান্দোনৰ ৰোল
তিনি কন্যাক এৰি নগাঁও এজন বিবাহিত শিক্ষকলৈ পলাই গ’ল বোৱাৰী
শিৱসাগৰৰ আমগুৰিত এটা পৰিয়ালৰ কান্দোনৰ ৰোল । শিৱসাগৰৰ আমগুৰি সমষ্টি চেলেংহাট টেঙাবাৰীৰ ৰজত গগৈৰ পত্নীয়ে যোৱা ২২ নৱেম্বৰত নিজ কন্যাক স্কুলত থবলৈ নিয়াৰ পৰাই নিৰুদ্দেশ হৈ আছিল । মহিলা গৰাকীৰ কোনো সন্ধান নাপাই পৰিয়ালৰ লোকে আমগুৰি আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ । মোবাইল ফোনেই যেন এখন সুখৰ সংসাৰলৈ নমাই আনিলে কাল অমানিশা । অৱশেষত ওলাল তিনি কন্যাক এৰি থৈ যোৱা মাতৃৰ সন্ধান । তিনি কন্যাক এৰি প্ৰায় ৫৫ বছৰীয়া মুনিন্দ্ৰ নাথৰে মোবাইল ফোনত চিনাকি হৈ নগাঁৱৰ বিবাহিত শিক্ষকলৈ পলাই গ’ল বোৱাৰী । শাহু-শহুৰ চকুত চকুপানী । ফলত স্বামী ৰজত গগৈ আৰু তেওঁৰ পৰিয়ালটো এতিয়া শোকত ভাগি পৰিছে । তিনি কন্যাৰ মাতৃ বিবাহিত শিক্ষকলৈ পলাই যোৱাটো সাধাৰণ ভাৱে ল’ব পৰা নাই গাওঁবাসী ৰাইজে