শিৱসাগৰৰ শিমলুগুৰি জংচনত জনজাতিকৰণৰ দাবীত কোচ ৰাজবংশী সন্মিলনীৰ ভাৰতীয় ৰে’ল অৱৰোধ
প্ৰতিবাদক প্ৰতিহত কৰিবলৈ আৰক্ষী প্ৰশাসনে মাজবাটতে আৱদ্ধ কৰিলে শ শ প্ৰতিবাদকাৰীক
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দীৰ্ঘদিনীয়া দাবী ভিত্তিত প্ৰতিবাদ অব্যাহত আছে । শিৱসাগৰৰ শিমলুগুৰি ৰে’ল জংচনত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে আজি দু-ঘন্টীয়া ভাৰতীয় ৰে’ল অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে । সন্মিলনীৰ কেন্দ্ৰীয় নেৰ্তৃত্ব আৰু শিৱসাগৰ, নাজিৰা, সোণাৰি, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট আদি ভালেকেইখন জিলা সমিতিৰ সহঃস্ৰাধীক পুৰুষ-মহিলা, যুৱ সংগঠনৰ কৰ্মীয়ে প্ৰায় দুই কিলোমিটাৰ বাট সমদলেৰে শিমলুগুৰি ৰে’ল জংচনত সমবেত হৈ কোচ ৰাজবংশী জনজাতিকৰণৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । লগতে প্ৰতিবাদস্থলীলৈ অহা শ শ প্ৰতিবাদকাৰীৰ বাহন ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষীয়ে আৱদ্ধ কৰি ৰখা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ কেন্দ্ৰীয় নেৰ্তৃত্বই । আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ সস্তমতাক নেওচি প্ৰতিবাদকাৰী সকলে চেলফী মামা মুৰ্দাবাদ, ড০ হিমন্ত বিশ্ব শৰ্মা হায় হায়, নৰেন্দ্ৰ মোডী গ’ বেগ, ন’ এছ টি ন’ ৰেষ্ট, কোচ ৰাজবংশীক জনজাতি লাগিবই আদি বিভিন্ন প্ৰতিবাদী শ্ল’গান ধৰ্ণাই উত্তাল কৰি তোলে শিমলুগুৰিৰ আকাশ বতাহ । এই প্ৰতিবাদৰ পিছতো কোচ ৰাজবংশী সকলক জনজাতিকৰণ নকৰিলে অনাগত সময়ত ইয়াতকৈ ভয়াৱহ গণ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি প্ৰতিবাদস্থলীতে সকীয়াই দিয়ে সংগঠনটোৱে । পিছত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ কেন্দ্ৰীয় সভাপতি আৰু সাধাৰণ সম্পাদকৰ স্বাক্ষৰেৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।