মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা৷
যৌন আতিশয্যৰ বলি হ’ল এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলা৷
৬০ ৰ উৰ্দ্ধৰ বৃদ্ধৰ কামনাৰ বলি হ’ল মানসিক বিকাৰগ্ৰস্ত মহিলা৷
নগৰবেৰাৰ মন্দিৰাত সংঘটিত হৈছে এই অমানৱীয় ঘটনা৷
বুধবাৰে দিন দুপৰতে ঘৰত কোনো নথকাৰ অৱস্থাত এই জঘন্য ঘটনা সংঘটিত কৰে(৬০)ষাঠিৰ উদ্ধৰ লম্পট দিগাম্বৰ মণ্ডলে৷
এই ঘটনা প্ৰত্যক্ষ কৰি হুলস্থূল লগাই মানসিক বিকাৰগ্ৰস্ত মহিলাগৰাকৰ কণমানি পুত্ৰই৷
ইয়াৰ পিছতে স্থানীয় ৰাইজ উপস্থিত হৈ সুৰামত্ত লম্পট দিগাম্বৰক কৰায়ত্ত কৰি মন্দিৰা আৰক্ষীক গটাই দিয়ে৷
লগতে স্থানীয় মহিলাসকলে মন্দিৰা আৰক্ষী চকীত উপস্থিত হৈ উচিত শাস্তিৰ দাবী কৰে৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও আন এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলাৰ সৈতে ধৰ্ষণ কাণ্ড সংঘটিত কৰিছিল পাষণ্ড দিগাম্বৰে৷