কলগাছিয়াৰ ৰামপুৰ বজাৰ খেল পথাৰত মানৱ কল্যাণ ক্লাৱ এণ্ড লাইব্ৰেৰীৰ সৌজন্যত বৃহস্পতিবাৰৰ পৰা ৯ দিনীয়া বিশাল আয়োজনেৰে আৰম্ভ হৈছে বেঁকী ফেষ্টিবেল। তদুপলক্ষে বেঁকী ফেষ্টিবেলৰ পৰিচালনা সমিতিৰ সভাপতি ইয়াকুব আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উদ্বোধনী সভাত মুখ্য অতিথি হিচাপে গোৱালপাৰা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ছাদুল্লাহ খান, বিশিষ্ট অতিথি হিচাপে বৰপেটা জিলা পৰিষদৰ উপ-সভাপতি ছামচুল হক. কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ উপদেষ্টা আব্দুল হাই প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ফেষ্টিভেল খনত বিভিন্ন ৰুচিবোধৰ দোকান-পোহাৰ, নাগৰদোলা, মউতকা কোৱা, ল’ৰা-ছোৱালীৰ নৃত্য, গীত আদিৰ লগতে প্ৰতিদিনেই সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ’ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। উদ্যোগতা সকলে ৰাইজৰ সক্ৰিয় সহযোগিতা কামনা কৰিছে।