নগৰবেৰা ৰাসত জনপ্ৰিয় গায়ক নেকিব, টেক্সী গাড়ী লৈ খ্যাত নেকিবে মুহিছে নগৰবেৰাৰ ৰাস ময়দান
গায়ক নেকিবৰ গীতত আপ্লুত বৃহত্তৰ নগৰবেৰা বাসী ৰাইজ
১৫ দিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা কামৰূপৰ নগৰবেৰা ৯০ সংখ্যক আঞ্চলিক ৰাস মহোৎসৱৰ যোৱা ৬ তাৰিখৰ পৰা আৰম্ভ কৰি ২০তাৰিখলৈ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে আয়োজক কমিটিয়ে।
ষষ্ঠ দিনা নিশাৰ বিশেষ আকৰ্ষণ হিচাপে অসমৰ জনপ্ৰিয় কন্ঠ শিল্পী নেকিব আহমেদৰ লগতে সুমন সুৰেজাক সংগীত পৰিবেশনৰ বাবে আমন্ত্ৰণ জনায়।
নিশা এপৰলৈকে বিভিন্ন গীত পৰিৱেশন কৰে। লোকে লোকাৰণ্য হৈ পৰে ৰাস স্থলীত, হাজাবটৰ হাজাৰ দৰ্শকক আপ্লুত হৈ পৰে জনপ্ৰিয় গায়ক নেকিবৰ গীত শুনি, ৰাসৰ ৰভা থলিত উছব মূখৰ পৰিবেশৰ সৃষ্টি হয়।