এনেকুৱা গুণ থকা মানুহৰ পৰা সদায় দূৰত থাকিব
আপোনাৰ চাৰিওফালে এনে বহু মানুহ আছে যিসকলক হয়তো আপুনি বন্ধু বুলি ভাবে। কিন্তু আচলতে তেওঁলোক একেবাৰেই বন্ধু নহয়। বৰং তেওঁলোকৰ সৈতে থাকিলে আপোনাৰ জীৱন নৰক যন্ত্ৰণাৰে ভৰি পৰিব পাৰে। এই পাঁচ ধৰণৰ মানুহৰ পৰা সাৱধান হওক।
কিছুমান মানুহ আছে যিসকল মইকেন্দ্ৰীক। তেওঁলোকে বেছিভাগেই কেৱল নিজক লৈ ভাবে। মোৰ, মই, আমাৰ আদিয়েই তেওঁলোকৰ জীৱন। তেওঁলোক ইমানেই আত্মকেন্দ্ৰীক যে তেওঁলোকে কেৱল নিজৰ ওপৰত দৃষ্টি আকৰ্ষণ হোৱাটো বিচাৰে, আনৰ বাবে অকণো নাভাৱে। এই ধৰণৰ মানুহৰ পৰা সাৱধান।
কিছুমান মানুহ আছে যিসকলে নিজৰ জীৱনত প্ৰবল নাটকীয়তা পছন্দ কৰে। যদি কোনো ঘটনা নাথাকেও, তথাপি ঘটনা তৈয়াৰ কৰে। ধাৰাবাহিকৰ অতি নাটকীয় চৰিত্ৰৰ সৈতে তেওঁলোকক তুলনা কৰিব পাৰি।
এক ধৰণৰ মানুহ আছে, যিসকল একেবাৰে অসামাজিক। সমাজৰ সৈতে কিদৰে মিলি থাকিব লাগে সেয়া একেবাৰেই নাজানে। আনক সৰু কৰি, নিয়ন্ত্ৰণ কৰি তেওঁলোকে আনন্দ পায়।একধৰণৰ এনে মানুহ আছে যিয়ে জীৱনত একোতে সন্তুষ্ট নহয়। নিৰাপত্তাৰ অভাৱ, হীনমন্যতা আদিৰে তেওঁলোকৰ জীৱন ভৰপূৰ। একোতেই তেওঁলোক সুখী বা সন্তুষ্ট নহয়। সুখী হ’বও নাজানে।
কিছুমান আকৌ এনেকুৱা মানুহ থাকে, যিসকল নিজৰ জীৱনক লৈ সুখী নহয়। তেওঁলোকে আনৰ ভালো দেখিব নোৱাৰে। তেওঁলোকৰ মুড ছুইং সহ্য কৰা আনৰ বাবে কঠিন হ’ব পাৰে।
কিছুমান আকৌ এনেকুৱা মানুহ থাকে, যিসকল নিজৰ জীৱনক লৈ সুখী নহয়। তেওঁলোকে আনৰ ভালো দেখিব নোৱাৰে। তেওঁলোকৰ মুড ছুইং সহ্য কৰা আনৰ বাবে কঠিন হ’ব পাৰে।