Monday, January 30, 2023
Google search engine
HomeHealth & Fitnessমানুহৰ দৰে সকলো আছে তথাপিও দেখিবলৈ পৃথক এজন যুৱক

মানুহৰ দৰে সকলো আছে তথাপিও দেখিবলৈ পৃথক এজন যুৱক

মানুহৰ দৰে সকলো আছে তথাপিও দেখিবলৈ পৃথক এজন যুৱক

মধ্যপ্ৰদেশৰ ৰাটলামৰ বাসিন্দা ললিত পাটিদাৰৰ বয়স মাত্ৰ ১৭ বছৰ আৰু তেওঁ এক বিৰল ৰোগত আক্ৰান্ত, যাৰ বাবে তেওঁৰ মুখৰ চুলি ৫ ছেণ্টিমিটাৰপৰ্যন্ত দীঘল হৈ পৰিছে। ললিত ৱেৰউলফ চিণ্ড্ৰম ৰোগত আক্ৰান্ত। এই ৰোগত মুখত চুলি গজে যাৰ ফলত এই ৰোগত আক্ৰান্ত ৰোগীৰ মুখখন পহুৰ দৰে দেখাবলৈ আৰম্ভ কৰে।

ললিত মধ্যপ্ৰদেশৰ ৰাটলামৰ নন্দলেটা গাঁৱৰ বাসিন্দা। এক সংবাদ মাধ্যমৰ আগত ললিতে কয় যে তেওঁৰ দেউতাক এজন খেতিয়ক আৰু তেওঁ এজন সাধাৰণ ঘৰৰ ল’ৰা হোৱাৰ লগতে তেওঁ দ্বাদশ শ্ৰেণীত অধ্যয়নৰত। ইয়াৰ উপৰি ললিতে কয় যে তেওঁক সৰু ল’ৰা-ছোৱালীয়ে দেখি ভয় খাইছিল। সেই সময়ত ললিতে বুজিব পৰা নাছিল যে মানুহে তেওঁক দেখি কিয় ভয় কৰে, তাৰ পাছত লাহে লাহে উপলব্ধি কৰিলে যে বাকী লোকতকৈ তেওঁ অলপ দেখিবলৈ পৃথক।

দৰাচলতে হাইপাৰট্ৰাইক’ছিছ ৰোগত শৰীৰত অস্বাভাৱিক পৰিমাণৰ চুলি গজিবলৈ আৰম্ভ কৰে। হাইপাৰট্ৰাইক’ছিছ দুই প্ৰকাৰৰ। প্ৰথমটো হৈছে সাধাৰণীকৃত হাইপাৰট্ৰাইক’ছিছ য’ত গোটেই শৰীৰত চুলি থাকে। দ্বিতীয়তে, স্থানীয় হাইপাৰট্ৰাইক’ছিছ। য’ত চুলি কেৱল এটা নিৰ্দিষ্ট স্থানতহে গজে।

উল্লেখ্য যে ৬ৰ পৰা ৭ বছৰ বয়সলৈকে ললিতে এই পৰিৱৰ্তন অনুভৱ কৰিব পৰা নাছিল যদিও লাহে লাহে তেওঁ নিজকে বাকীবোৰতকৈ পৃথক বুলি আৱিষ্কাৰ কৰিলে। ল’ৰা-ছোৱালীয়ে ললিতক ভূত-বান্দৰ আদি নামেৰে জোকাইছিল আৰু ভয়ংকৰ আখ্যা দিছিল। ললিতে কয় যে তেওঁ বহু কথা শিকিবলৈ পাইছিল আৰু শিকি অহা আটাইতকৈ ডাঙৰ কথাটো হ’ল যে তেওঁ লাখৰ ভিতৰত এজন লোক। এই উপলব্ধিৰ পাছতে তেওঁৰ মনোবল দুগুণে বৃদ্ধি কৰিছিল আৰু তেওঁ কেতিয়াও হাৰ নামানিছিল। তেওঁ জীৱন যুঁজত মুকলিভাৱে জীয়াই থাকিবলৈ বদ্ধপৰিকৰ হৈছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments