শীত কালত গাঁঠিৰ বিষৰ পৰা কেনেদৰে ৰক্ষা পাব
আপোনাৰো শীতকালত গাঁঠিৰ বিষৰ সমস্যা হয় নেকি! ইয়াৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে জানি লওক
যদি আপোনাৰো বিষৰ সমস্যা আছে তেন্তে এই শীতৰ বতৰো আপোনাৰ বাবে হয়তো অতি কষ্টদায়ক হয়। শীতকালত গাঁঠিৰ বিষ বৃদ্ধি হোৱাটো অতি সাধাৰণ কথা। শীতকাল আৰম্ভ হোৱাৰ লগে লগে কিছু লোকৰ গাঁঠিৰ বিষ এটা নিয়মীয়া সমস্যাত পৰিণত হয়।
চিকিৎসকৰ মতে, শীতকালত গাঁঠিৰ বিষৰ সমস্যাটোৰ এটা প্ৰধান কাৰণ হ’ল ৰ’দৰ অভাৱ, যিয়ে শৰীৰত ভিটামিন-ডি যোগান ধৰে। ভিটামিন-ডিয়ে গাঁঠি, হাড় আৰু পেশী সুস্থ কৰি ৰখাত সহায় কৰে। এইদৰে শীতকালত ভিটামিন-ডিৰ মাত্ৰা কম হোৱাটো গাঁঠি বিষৰ অন্যতম কাৰণ। আন এটা কাৰণ হ’ব পাৰে শীতকালত উষ্ণতা কমি যোৱা, যাৰ বাবে বেৰ’মেট্ৰিক চাপো যথেষ্ট কমি যায়।
এই বিষৰ পৰা সকাহ পাবলৈ কিছু সহজ পদ্ধতি-
শীতকালত ব্যায়ামে গাঁঠিৰ বিষ নিৰাময়ত সহায় কৰে। যদি আপুনি সঘনাই ব্যায়াম কৰে, তেন্তে গাঁঠিবোৰ নমনীয় আৰু কোমল হৈ থাকিব। তদুপৰি ব্যায়ামে তেজৰ সোঁত বৃদ্ধি কৰে আৰু গাঁঠিবোৰ তৈলাক্ত কৰাত সহায় কৰে। ব্যায়াম কেৱল আপোনাৰ গাঁঠিৰ বাবেই উপকাৰী নহয়, ইয়াৰ দ্বাৰা আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যও উপকাৰ সাধন হ’ব।
শীতকালত উষ্ণতা যথেষ্ট কম থাকে যাৰ ফলত গাঁঠি বিষ হ’ব পাৰে। গতিকে শৰীৰত শীতৰ প্ৰভাব নপৰাকৈ গৰম হৈ ৰখাতো সমস্যাৰ অন্যতম সমাধান। ইয়াৰ কাৰণে গৰম কাপোৰ পৰিধান কৰক।
হাইড্ৰেছনৰ ফলতো পেশীৰ বিষৰ সৃষ্টি কৰিব পাৰে। শৰীৰৰ কাৰণে উপযুক্ত সুষম আহাৰ গ্ৰহণ কৰাতো অতি প্ৰয়োজনীয়। হাড় আৰু গাঁঠিৰ বাবে স্বাস্থ্যসন্মত আৰু সুষম খাদ্য গ্ৰহণ কৰিব লাগে, য’ত হাড়ৰ বাবে প্ৰয়োজনীয় পৰ্যাপ্ত পৰিমাণৰ পুষ্টি আৰু খনিজ পদাৰ্থ থাকে।
এনেবোৰৰ দ্বাৰা আমি কিছু পৰিমানে বিষৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰো। যদি আপুনি গুৰুতৰভাবে বিষৰ সমস্যাৰ সন্মুখিন হৈ আছে তেন্তে অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ গ্ৰহন কৰক