হাড়ৰ বিষ হ’লে খাওক এইবোৰ খাদ্য
শীতকালত হাড়ৰ বিষৰ সমস্যা বৃদ্ধি হয়। ঠাণ্ডা দিন অহাৰ লগে লগে আমাৰ বহুতৰে পিঠিৰ বিষ, গাঁঠিৰ বিষ আৰু হাড়ৰ বিষৰ সমস্যাত পৰে। আৰ্থ্ৰাইটিছ ৰোগীসকলৰ অস্ত্ৰোপচাৰৰ বাবেও যথেষ্ট সমস্যা আৰম্ভ হয়। এই হাড়ৰ বিষৰ বাবে আমাৰ দৈনন্দিন কাম-কাজ কৰিবলৈ উঠা-বহা কৰাটো বৰ কষ্টকৰ হৈ পৰে।
এনে পৰিস্থিতিত আমি হাড় স্বাস্থ্যৱান আৰু শক্তিশালী ৰাখিবলৈ আহাৰত অত্যাৱশ্যকীয় পুষ্টিবোৰ অন্তৰ্ভুক্ত কৰিব লাগে। হাড় শক্তিশালী কৰিবলৈ কেলচিয়াম, প্ৰ’টিন আৰু ভিটামিন ডি অতি গুৰুত্বপূৰ্ণ। অৱশ্যে ইয়াৰ বাহিৰেও হাড়ৰ স্বাস্থ্যৰ বাবে উপকাৰী বহুতো পুষ্টি আছে।
হাড় শক্তিশালী কৰিবলৈ কি কি লাগে-
কেলচিয়াম: হাড় শক্তিশালী কৰিবলৈ কেলচিয়ামৰ প্ৰয়োজন। যিসকল লোকৰ শৰীৰত কেলচিয়ামৰ অভাৱ হয়, তেওঁলোকৰ হাড় দুৰ্বল হ’বলৈ আৰম্ভ কৰে। সেয়েহে, আহাৰত কেলচিয়ামসমৃদ্ধ বস্তু অন্তৰ্ভুক্ত কৰিব লাগে। কেলচিয়ামৰ অভাৱ পূৰণ কৰিবলৈ দুগ্ধজাত সামগ্ৰী, যেনে- চীজ আৰু দৈ অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াৰ উপৰি কাঠবাদাম, চাউল বা চয়াতো কেলচিয়াম পোৱা যায়।
ভিটামিন ডি: হাড় শক্তিশালী কৰিবলৈ ভিটামিন ডিসমৃদ্ধ আহাৰ গ্ৰহণ কৰাটো খুবেই গুৰুত্বপূৰ্ণ। সূৰ্যৰ পোহৰে আটাইতকৈ বেছি ভিটামিন ডি প্ৰদান কৰে। ইয়াৰ বাহিৰেও গ্ৰিল কৰা চালমন মাছ, কমলা, কাঠফুলা আৰু কণী খাব পাৰে।
প্ৰ’টিন: হাড় শক্তিশালী কৰিবলৈ প্ৰ’টিনৰো প্ৰয়োজন। প্ৰ’টিন গ্ৰহণে হাড়ভঙা নিৰাময় কৰাত সহায় কৰে। ইয়াৰ বাবে অধিক পৰিমাণে দুগ্ধজাত সামগ্ৰী খোৱা উচিত। প্ৰ’টিনৰ অভাৱ পূৰণ কৰিবলৈ গাখীৰ, চীজ, দৈ খাব পাৰে। তদুপৰি ৰঙালাওৰ গুটি, চিনাবাদাম, মধুৰিআম আৰু মিছামাছতো প্ৰ’টিন পোৱা যায়।
অন্যান্য ভিটামিন আৰু খনিজ পদাৰ্থ: হাড় শক্তিশালী কৰাৰ বাবে মেগনেছিয়াম আৰু পটাছিয়ামৰ দৰে খনিজ পদাৰ্থও প্ৰয়োজন। এই খনিজ পদাৰ্থ পালেং শাক আৰু চয়াবিনৰ পৰা পাব পাৰি। লগতে হাড়ৰ স্বাস্থ্যৰ বাবে ভিটামিন কে, ভিটামিন চি আৰু ভিটামিন এ-ও প্ৰয়োজনীয়। ইয়াৰ বাবে আপুনি নেমুজাতীয় ফল, বিলাহী, গাজৰ, সেউজীয়া পাচলি, মাংস, কণী, কাঠবাদাম আৰু কাজু খাব পাৰে।