Friday, February 3, 2023
Google search engine
Homeঅসমঅসমৰ পাকৃতিক পৰিৱেশৰ মনোমোহা দৃশ্যই আকৰ্ষিত কৰে সকলোকে অসম এখন...

অসমৰ পাকৃতিক পৰিৱেশৰ মনোমোহা দৃশ্যই আকৰ্ষিত কৰে সকলোকে অসম এখন প্ৰাকৃতিক

অসমৰ পাকৃতিক পৰিৱেশৰ মনোমোহা দৃশ্যই আকৰ্ষিত কৰে সকলোকে
অসম এখন প্ৰাকৃতিক

সৌন্দৰ্য্যৰে ভৰা ৰাজ্য ।ভাৰতবৰ্ষৰ পূৱ প্ৰান্তৰ সূৰ্যউঠা অসম পৰ্বত – পাহাৰ , নদ – নদীৰে ভৰপূৰ । অসমৰ উত্তৰ অংশত মিৰি , অকা , ডফলা , টোৰাং , মিচিমি আদি জনজাতিৰ লোকসকলে বাস কৰা পৰ্বতমালাই শোভা বঢ়াই আছে ।পূৱ অংশত চিংফৌ , পাটকাই আৰু বঙ্গদেশৰ কেইবাটাও পাহাৰ , দক্ষিণত জাটিংগা , ত্ৰিপুৰা আৰু খাচীয়া -জয়ন্তীয়া পাহাৰৰ মনোৰম দৃশ্য । পশ্চিম অংশৰ বাহিৰে তিনিও ফালে সুন্দৰ সুন্দৰ পাহাৰেৰে আগুৰি আছে । অসমৰ মাজতো বহুতো সৰু সৰু পাহাৰ আছে ।কামৰূপৰ নীলাচল , সন্ধ্যাচল ,হাজো , শৰণীয়া আদি পাহাৰে প্ৰাকৃতিক সৌন্দৰ্যৰ সৃষ্টি কৰিছে । বছৰৰ ছয়ঋতুতে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ ৰূপ বেলেগ বেলেগ হয় ।

গ্ৰীষ্মকালৰ আগমনৰ লগে লগে প্ৰকৃতিৰ সমগ্ৰ বুকুতে সেউজীয়া ৰূপ ধাৰণ কৰে । প্ৰকৃতিৰ বুকুত কপৌফুল , নাহৰ , সোণাৰু , তগৰ , মাধৈ মালতী আদি ফুলে সোণত সোৱগা চৰায় । গছৰডালত ফুলে নানা ফলৰ কলি পেলায় । গোন্ধে চতুৰ্দিশ আমোলমোলাই থাকে । পৰিভ্ৰমী চৰাইবোৰেও ফলে – ফুলে পৰি কাকলিৰে মুখৰিত কৰে । মাজে মাজে বৰষুণৰ পাছত দিয়া ৰ’দচাটিয়ে ফৰকাল আকাশত হালধীয়া সোণাৰুৰ হাঁহি বিয়পাই তোলে ।

বৰ্ষাৰ আগমনৰ লগে লগে প্ৰকৃতিৰ বুকু সেউজীয়া হৈ পৰে । জাক জাক মৌচুমী বতাহে সমগ্ৰ অসমৰ প্ৰকৃতিতে তৰু -লতাক পানী দি গ্ৰীষ্মৰ তাপত পোৱা কষ্টৰ পৰা ৰেহাই দিয়ে । বৰনৈ , জান-জুৰি , নিজৰাৰ বুকুত ঢল নামে । দুকূল উপচাই বৰলুূইত বৈ যায় । দুয়ো পাৰৰ গাওঁবোৰ , পৰ্বত – পাহাৰবোৰ ৰিণি ৰিণি দেখা যায় । দূৰৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ সোঁ -মাজত নীলা পাৰিৰ এখন চাদৰ মেলি থোৱা যেন লাগে । পাৰৰ কঁহুৱা , খাগৰিয়ে মলয়াৰ চোঁৱৰেৰে ৰঙতে নাচি থাকে ।

শৰৎকালত মলয়াৰ ৰিব্‌ৰিব্‌ হিল্লোলৰ পৰশত পথাৰৰ সেউজীয়া লখিমীয়ে হালি- জালি থাকে । জলাশয়ৰ বুকুত শাৰদীয় পূৰ্ণিমাৰ স্নিগ্ধতাই ভেঁটফুল , পদুমফুল ফুলায় । ৰাজহাঁহ , কামচৰাই , কোঁঢ়া , শৰালি আদি পক্ষীয়ে ফুলৰ মাজে মাজে আত্মবিভোৰ হৈ পৰে । জোনৰ জোনাকত শেৱালি , হাচ্‌নাহানা , ৰজনীগন্ধা , তগৰৰ গোন্ধই আমোলমোলাই তোলে । প্ৰকৃতিৰ প্ৰতিটো প্ৰাণী এইসুবাসত মতলীয়া হয় । ভোমোৰা , মৌ – মাখি , পখিলাই গুণগুণাই ফুলৰ মধু পান কৰে । নৈ , বিলৰ সুনিৰ্মল জলধিত উঠা তৰঙ্গ ৰাশি চাই চাই পাৰৰ সেউজীয়া দূবৰিৰ দলিচাত হৰিণৰ নাচোন এক বিনন্দীয়া ৰূপ ।

শৰৎকালৰ মনোৰম সৌন্দৰ্যৰ মধুৰতাত হিমৰ কণাই প্ৰকৃতিৰ বুকুত আৱৰণ তৰি দিয়ে । বিস্তীৰ্ণ পথাৰত সোণোৱালী শস্যৰ সোণগুটিবোৰত থকা হিমৰ টোপালবোৰ মুুকুতাৰ দৰে জিলিকি উঠে । আকাশ ৰাজহাঁহ , শৰালিহাঁহৰ কলধ্বনিৰে কোলাহল হয় ।লগতে মাণিকী মধুৰী , জহাৰ মৌ মতলীয়া গোন্ধ ।
হেমন্তৰ পাছত প্ৰকৃতিলৈ গোপনে নামি আহে শীত । শীতৰ পৰশত পথাৰ উৰুঙা হয় , উৰুঙা হয় শিমলু , মদাৰ , পলাশৰ ডালবোৰ । নদী , জান -জুৰি , সৰোবৰ নিস্তব্ধ হৈ পৰে । লগে লগে প্ৰকৃতিলৈ নামি আহে আন এক সৌন্দৰ্য । লঠঙা ডালবোৰত পলাশ , শিমলু , মদাৰৰ ৰঙাচুপহি প্ৰস্ফুটিত হ’বলৈ ধৰে । এই ৰঙীণ ফুলবোৰৰ মাজে মাজে শীতৰ কুঁৱলীয়ে লুকাভাকু খেলে । বগা হিমবাহে পৰ্বতৰ ছূড়া ঢাকি ধৰে ।

“বসন্ত কাল ” — প্ৰাণ উতলা কৰা এটি ঋতু । কি নাই এই ঋতুত ! মধুবসন্তৰ শুভাগমনত কুলি ,কেতেকী , মইনা , সখিয়তি , দহিকতৰাৰ কাকলিত মুখৰিত হয় প্ৰকৃতি । ডালে ডালে নৃত্যৰ মূৰ্চ্ছনাত প্ৰাণ পাই উঠে তৰু , তৃণ , লতাত কোমল কুঁহিপাত ।সমগ্ৰ বননি পল্লৱিত হয় । আমে মলিয়ায় , কঁঠালে মুচি পেলায় , অশোক , চম্পা , নাগেশ্বৰ , সেউতী , কৃষ্ণচূড়া , ৰাধাচূড়া আদি কুসুমৰাজিয়ে প্ৰকৃতিৰ বুকু জাতিষ্কাৰ কৰে । বসন্তৰ মধুৰ পৰশত অসম খনি কুঞ্জ কাননত পৰিণত হয় । যিফালেই দৃষ্টি পৰে সেইফালেই চকু ৰৈ যায় । সেয়ে বসন্ত কালক ঋতুৰাজ বুলি কোৱা হয় ।

অসমৰ বিস্তীৰ্ণ বননিৰ নল , খাগৰি , ইকৰা , খেৰণিবোৰ । এইবোৰৰ মাজে মাজে কুলু কুলু সুৰে নিৰৱচ্ছিন্নভাৱে বৈ থকা জান -জুৰিৰ পাৰে পাৰে হাতী , গঁড় , মেঠোনৰ পালবোৰ , নিৰ্জন বিলৰ পাৰত চৰা গাহৰি , হৰিণৰ জাকবোৰ , ঢেঁকীয়াপতীয়া , নাহৰফুটুকী বাঘবোৰ , মেঘৰ গাজনিৰ ছেৱত চালি ধৰা ময়ুৰৰ নচোন প্ৰকৃতিৰ সৌন্দৰ্যৰ জ্যোতিপুঞ্জ । গাঁৱৰ তামোল নাৰিকলৰ শাৰিবোৰ , চাহবাগিছাৰ চিৰসেউজ দৃশ্য , শিৰীষ গছৰ ডালত ফুলি থকা ফুলৰ সৌন্দৰ্য এক অক্ষয় ভাণ্ডাৰ । লুইতৰ চাপৰিৰ শ্যামল ঘাঁহনি , বৰনৈৰ বুকুৰ ৰূপালী বালি , নীলাচল , কামাখ্যা পাহাৰৰ বৃক্ষত ফুলি থকা বিবিধ অৰ্কিডে সহজে মন আকৰ্ষণ কৰে । অসম প্ৰকৃতিয়ে সজাই থোৱা সৌন্দৰ্যৰ সুন্দৰী কন্যা ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments