Friday, February 3, 2023
Google search engine
Homeগুৰুত্বপূৰ্ণকিচমিচৰ উপকাৰী গুণ সমূহ জানেনে

কিচমিচৰ উপকাৰী গুণ সমূহ জানেনে

কিচমিচৰ উপকাৰী গুণ সমূহ জানেনে।

মুখৰ দুৰ্গন্ধ দূৰ কৰে :– কিচমিচত থকা এন্টি ব্যেকটেৰিয়েল উপাদানে মুখৰ স্বাস্থ্য ৰক্ষা আৰু মুখৰ দুৰ্গন্ধ দূৰ কৰাত সহায় কৰে ।

ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা বৃদ্ধি কৰে :— কিচমিচত থকা ভিটামিন বি আৰু চিয়ে মানুহৰ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে । যিকোনো ৰোগ সংক্ৰমণৰ ক্ষেত্ৰতো বাধা দিয়ে । বিশেষকৈ জ্বৰ আৰু অন্যান্য দুৰ্বলতা দূৰ কৰাৰ লগতে।শৰীৰটোত সুস্থিৰতা প্ৰদান কৰে ।

শক্তি যোগান ধৰে :— কিচমিচত থকা প্ৰাকৃতিক গ্লুকজে কৰ্মশক্তি বৃদ্ধি কৰে । এক পৰিমিত পৰিমাণত কিচমিচ খালে শৰীৰৰ দুৰ্বলতা হ্ৰাস কৰাৰ লগতে বৃদ্ধি পোৱা ওজন নিয়ন্ত্ৰণ কৰে ।

অন্ধত্ব আৰু কলেষ্টৰেল দূৰ কৰে :—কিচমিচত থকা প্ৰচুৰ এন্টি অক্সিডেন্টে মানুহৰ অন্ধত্ব হোৱাত বাধা দিয়াৰ লগতে ইয়াত থকা ফাইবাৰে লিভাৰৰ কলেষ্টৰেল দূৰ কৰাত সহায় কৰে ।

অনিদ্ৰা দূৰ কৰে :– কিচমিচত থকা প্ৰচুৰ আইৰণে মানুহৰ অনিদ্ৰাৰ সমস্যাৰ পৰা মুক্তি দিয়ে । সেইয়েহে গৱেষকে প্ৰতিদিনে পুৱা দুটাকৈ কিচমিচ খোৱাৰ পৰামৰ্শ দিছে ।

মনোযোগ আৰু বুদ্ধিৰ বিকাশ কৰে :— শিশুসকলৰ বুদ্ধিৰ বিকাশ বা মনোযোগ বৃদ্ধি কৰাত কিচমিচে সাংঘাতিক ধৰণে সহায় কৰে । ইয়াত থকা উপকাৰী উপাদানে মনোযোগ বৃদ্ধি কৰি মানসিক প্ৰশান্তি দিয়ে । বিশেষকৈ ই মানুহৰ গভীৰ নিদ্ৰা অহাত সহায় কৰা কাৰণে মগজু শান্ত হোৱা পৰিলক্ষিত হয় । নিয়মিত কিচমিচ খালে মানসিক অৱসাদো দূৰ কৰে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments