প্রচণ্ড ভোক লাগিলেও নাখাব এইবোৰ খাদ্য
প্রচণ্ড ভোক লাগিলে মানুহে কেতিয়াবা হাতৰ কাষতে যি পায় তাকে খাই।
কেতিয়াবা দুপৰীয়াৰ আহাৰ কৰাত পলম হয়। কিবা কাৰণত ব্যস্ত থাকিলে খোৱাত পলম হোৱাৰ বাবে অতিপাত ভোক লাগে। তেনে অৱস্থাত কেতিয়াবা হোটেল-ৰেস্তোৰাঁত বা ফুটপাথৰ কাষত থকা ফাষ্টফুডৰ দোকানত সোমাই বহুতে অধিক জলাযুক্ত মুখৰোচক খাদ্য খাই পেট ভৰায়। কিন্তু সঘনাই এইদৰে খালে হজমৰ সমস্যা সৃষ্টি হ’ব। খালী পেটত জলাযুক্ত খাদ্য খালে সেই মছলাই মানুহৰ পাকস্থলীৰ আবৰণত পোনপটীয়া প্ৰভাৱ পেলায়। এই ক্ষেত্ৰত কি কৰিব? জলা খাদ্য খোৱাৰ পূৰ্বে গাখীৰ বা দৈ খাব পাৰে। ইয়াৰ দ্বাৰা জলাৰ প্ৰভাৱ পোনপটীয়াকৈ পাকস্থলীত নপৰে।
ফল
খালী পেটত ফল খাব নালাগে – এই কথাটো আমি শৈশৱৰ পৰাই শুনি আহিছো। এটা কল বা আপেল খাই বেছিক্ষণ থাকিব নোৱাৰি। ফলত আপোনাৰ ভোকৰ ভাব সোনকালেই আহিব। ফলৰ স’তে আপুনি কোনো প্ৰ’টিনযুক্ত খাদ্য খোৱা উচিত। ফলৰ লগত খাব পাৰে সামান্য পৰিমাণৰ বাদাম, পনীৰ, এটুকুৰা বিস্কুট বা পাউৰুটি।
চাহ বা কফি
চাহ-কফি আদি পানীয় খালী পেটত পান কৰিলে এচিডিটীৰ সৃষ্টি হয়। বিশেষকৈ যিসকলৰ গেষ্ট্রিকৰ সমস্যা আছে, তেওঁলোকৰ বাবে খালী পেটত কফি পান কৰাটো অত্যন্ত ক্ষতিকাৰক।
বিস্কুট বা চিপ্ছ
কেতিয়াবা এনে পৰিস্থিতি হয় যে প্রায় এঘণ্টাৰ পাছত আপুনি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব। হয়তো ঘৰত ভাত হোৱা নাই বা অফিচত কোনো এৰিব নোৱৰা কামত ব্যস্ত হৈ আছে। অথচ সেই সময়তে প্রচণ্ড ভোক লাগিছে যদিও কিছু সময়ৰ পাছতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব বাবে কোনো গধুৰ খাদ্য খাবলৈ মন যোৱা নাই৷ সেয়ে কেইখনমান বিস্কুট বা চিপ্ছ খাই সাময়িকভাৱে পেটৰ ভোক মাৰিব বিচাৰিছে। কিন্তু ভুলতো এই কাম নকৰিব। মনত ৰাখিব, সৰু এপেকেট বিস্কুট বা চিপ্ছ বেছি সময় আপোনাৰ পেটত নাথাকিব। অর্থাৎ এঘণ্টাৰ পাছত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰালৈ আপোনাৰ পুনৰ ভোক লাগিব পাৰে। কিয়নো এইবোৰ খাদ্যত থকা কার্ব’হাইড্ৰেট কিছুসময়ৰ ভিতৰতে হজম হৈ পৰে। তেতিয়াই পুনৰ ভোক লাগিব। সেই ক্ষেত্ৰত আপুনি খাব পাৰে ২৫০-৩০০ কেলৰি যুক্ত কোনো খাদ্য। যেনে- এটা ছেণ্ড্যুইচ বা কে’ক।