বকোত ভয়াবহ হৈছে বনৰীয়া হাতীৰ সন্ত্ৰাস।
নিশাৰ ভিতৰতে বকোৰ নামপথাৰত বনৰীয়া হাতীয়ে ভাঙিলে বাসগৃহ।বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা দুটাকৈ পৰিয়ালৰ লোক ।
বকোত বনৰীয়া হাতীৰ সন্ত্ৰাস। বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা দুটাকৈ পৰিয়ালৰ। বনৰীয়া হাতীয়ে ধান, চাউল খোৱাৰ উপৰিও লণ্ডভণ্ড কৰিলে দুটাকৈ পৰিয়ালৰ বাসগৃহ। উজাগৰী নিশা কটায় অঞ্চলটোৰ ৰাইজ। অঞ্চলবাসী ৰাইজ আতংকিত হৈ আছে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতী আৰু মানুহৰ সংঘাত দিনক দিনে ভয়াবহ ৰূপ ধাৰণ কৰিছে। বনাঞ্চল সংকুচিত হোৱাৰ ফলত খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ জাক জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি মানুহৰ ঘৰ দুৱাৰ লণ্ডভণ্ড কৰাৰ লগতে বিভিন্ন সময়ত মানুহৰ ওপৰত আক্ৰমণ চলায়।
বনৰীয়া হাতী আৰু মানুহৰ এই সংঘাতত ইতিমধ্যে বকোত বহু লোকে প্ৰাণ হেৰুৱাইছে। মংগলবাৰে বকোত পুনৰ বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে দুটা পৰিয়ালে। বকোৰ নামপথাৰ গাৱঁত সংঘটিত হয় এই ঘটনা।
নিশা প্ৰায় ১২:০০ বজাত বকোৰ নামপথাৰ গাৱঁৰ নীলম ৰাভা আৰু চুনিল ৰাভাৰ বাসগৃহত বনৰীয়া হাতী প্ৰৱেশ কৰি বাসগৃহত তাণ্ডৱ চলায়। বাসগৃহৰ বেৰ ভাঙি বাসগৃহত প্ৰৱেশ কৰি ধান, চাউল খোৱাৰ উপৰিও সকলো সামগ্ৰী লণ্ডভণ্ড কৰে বনৰীয়া হাতীয়ে। বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে দুয়োটা পৰিয়ালৰ লোক।
প্ৰকাণ্ড বনৰীয়া হাতীটো বাসগৃহত প্ৰৱেশ কৰাত বাসগৃহ এৰি পলায়ন কৰে পৰিয়ালৰ সকলো লোক। পৰিয়ালটোৰ লগতে অঞ্চলটোৰ ৰাইজে উজাগৰী নিশা কটাব লগীয়া হয়। বনৰীয়া হাতীটোৰ তাণ্ডৱত নিশা অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰে।