Friday, February 3, 2023
Google search engine
Homeগুৰুত্বপূৰ্ণলৰাৰ অভাৱৰ বাবেই এই ঠাইৰ যুৱতী হৈ থাকে অবিবাহিত

লৰাৰ অভাৱৰ বাবেই এই ঠাইৰ যুৱতী হৈ থাকে অবিবাহিত

লৰাৰ অভাৱৰ বাবেই এই ঠাইৰ যুৱতী হৈ থাকে অবিবাহিত
বিয়া কৰাই সংসাৰ পাতিবলৈ প্রায় সকলােৰে মন যায়। অথচ সকলাে আশা ইচ্ছা কৰিলেই পূৰণ নহয়। পাত্রই যদি পােৱা নাযায়, তেন্তে বিয়ানাে কৰাব কেনেকৈ? আনকি ভৰপূৰ সৌন্দর্যৰ অধিকাৰিণী হােৱা সত্ত্বেও দৰাৰ অভাৱত বিবাহৰ স্বপ্ন অপূৰ্ণ হৈ ৰৈছে বহু যুৱতী-মহিলাৰ। সেই বাবেই তেওঁলােকে অবিবাহিত হৈয়ে জীৱন কটাবলগীয়া হৈছে। গাঁওখন পুৰুষৰ অভাৱ হােৱাৰ বাবেই এই অৱস্থাৰ সৃষ্টি হৈছে।
এই গাঁওখন ব্রাজিলৰ দক্ষিণ-পূর্বত অৱস্থিত। নইভা ড’ কোৰড’ইৰাে নামৰ এই পাহাৰীয়া গাঁওখনত চলে মহিলাৰ আধিপত্য। প্রায় ছশ মহিলা আছে যদিও পুৰুষৰ উপস্থিতি প্রায় নাই বুলিলেও হয়তাে ভুল নহ’ব। গাঁওখনৰ যি কেইগৰাকী মহিলাই বিবাহপাশত আবদ্ধ হৈছে, তেওঁলােকেও গাঁও এৰি গুচি যােৱা নাই। বৰঞ্চ তেওঁলােকেও স্বামীৰ অবিহনেই জীৱন কটাই আছে।
সপ্তাহৰ শেষত দুদিনৰ বাবে তেওঁলােকৰ স্বামীয়ে গাঁওখনত থকাৰ সুবিধা পায়। সেই দুদিনেই এই সকল মহিলাই দাম্পত্যৰ সুখ উপভােগ কৰে।এইসকল মহিলাৰ সন্তান অৱশ্যে তেওঁলােকৰ লগত থাকে। অৱশ্যে পুত্র সন্তানৰ ১৮ বছৰ সম্পূর্ণ হলেই গাঁও এৰি গুচি যাব লাগে।১৮ বছৰৰ পাছত কোনাে পুৰুষৰ উক্ত গাঁৱত থকাৰ অধিকাৰ নাথাকে। ফলত ক্ৰমাৎ পুৰুষশূন্য হৈ পৰিছে ন’ইভা ড’ কোৰড’ইৰ গাঁও।
গাঁওখনৰ সকলাে মহিলা তথা যুৱতীয়েই অত্যন্ত সুন্দৰী। তৎসত্ত্বেও তেওঁলােকে জীৱনসংগী লাভ কৰিবলৈ হাহাকাৰ কৰিবলগীয়া হয়। অধিকাংশ নাৰীয়েই পুৰুষসংগীৰ অবিহনে জীৱন কটাবলগীয়া হৈছে। ইয়াৰ অন্তৰালত আছে। কে’বা যুগ ধৰি গাঁওখনত চলি অহা পৰম্পৰা
এই পৰম্পৰা অনুসৰি, বিয়াৰ পাছতাে কোনাে মহিলাই গাঁও ত্যাগ কৰি স্বামীগৃহলৈ যাব নােৱাৰে। ইয়াৰ বিপৰীতে স্বামীয়েহে সেই মহিলাৰ স’তে উক্ত গাঁৱতে বাস কৰিব লাগিব। সেই পৰম্পৰাই এতিয়া মহা সমস্যাৰ কাৰণ হৈ পৰিছে গাঁওখনৰ যুৱতীসকলৰ বাবে।
সুন্দৰী আৰু বিবাহযােগ্যা হােৱা সত্ত্বেও গাঁওখনৰ যুৱতীসকলে সংগী বিচাৰি নােপােৱা হৈছে। পত্নীৰ স’তে উক্ত গাঁৱতে থাকিব লাগিব বুলিয়ে সমীপৰ কোনাে অঞ্চলৰ পুৰুষে সেই গাঁৱৰ পৰা বিয়া কৰাব নােখােজে। সেয়ে উক্ত কাৰণতে গাঁওখনৰ যুৱতীসকলে অবিবাহিত হৈ কটাবলগীয়া হৈছে।
গাঁওখনৰ এই পৰম্পৰাৰ অন্তৰালতাে এক কাহিনী আছে। ১৮৯০ত মাৰিয়া ছেনহ’ৰিনা ডি লিমা নামৰ এগৰাকী যুৱতীক নিজৰ ইচ্ছাৰ বিৰুদ্ধে বিয়া দিয়া হৈছিল। অৱশ্যে বিবাহৰ কিছুদিনৰ পাছতে মাৰিয়াই স্বামীগৃহ ত্যাগ কৰি ন’ইভা ড’ ক’ৰডােই’ অঞ্চললৈ গুচি আহি বসবাস কৰিবলৈ আৰম্ভ কৰে। ১৮৯১ত মাৰিয়াই উক্ত স্থানতে এখন গাঁও গঢ়ি তােলে।
তেতিয়াৰ পৰাই স্থিৰ হয় যে এই গাঁৱৰ কোনাে ছােৱালীয়ে বিয়াৰ পাছত স্বামীগৃহলৈ যাব নােৱাৰিব। ইয়াৰ বিপৰীতে স্বামীয়েহে পত্নীৰ লগত থাকিব লাগিব। এই অদ্ভুত ৰীতিৰ কাৰণেই মহিলাসকলে অবিবাহিত হৈ থাকিবলগীয়া হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments