সপোনত টকা দেখাৰ অৰ্থ কি?
বিশ্বত এনেকুৱা মানুহ নাই যিয়ে হয়তো সপোন দেখা নাই। আমি দেখি অহা সপোনবোৰৰ অধিকাংশ ভাল আৰু কিছু বেয়া। কিছুমান সপোন দেখাৰ পিছত দ্বিতীয় দিনা মনটো সুখী হৈ থাকে, আনহাতে কিছুৱে চিন্তা বঢ়ায়।
অৱশ্যে স্বপ্ন শাস্ত্ৰৰ মতে, প্ৰতিটো সপোনৰ আঁৰত লুকাই থাকে এটা গুৰুত্বপূৰ্ণ সংকেত। য’ত কিছু সপোনক শুভ বুলি কোৱা হয় আৰু আন একাংশক অশুভ বুলি গণ্য কৰা হয়।
এতিয়া আমি এনে এটা সপোনৰ কথা ক’ম যিটো বহুতে প্ৰায়ে দেখি থাকে। হয়, আমি ক’ব খুজিছো সপোনত টকা দেখিলে ভাল নে বেয়া। সপোনত টকা দেখাৰ অৰ্থ কি জানো আহক।
যদি আপুনি বেংকত টকা জমা কৰাৰ সপোন দেখে তেন্তে সেয়া শুভ বুলি গণ্য কৰা হয়। ইয়াৰ অৰ্থ হ’ল শীঘ্ৰে আপোনাৰ হাতত ধন আহিব। ইফালে কোনোবা লোকৰ পৰা বা কৰবাৰ পৰা টকা লাভ কৰাৰ সপোন দেখাটো ভাল ভৱিষ্যতৰ সংকেত বুলি কোৱা হয়। অৰ্থাত বেয়া দিনৰ পৰা মুক্তি।
ইফালে, সপোনত খুচুৰা পইচা দেখাটো শুভ বুলি গণ্য কৰা নহয়। স্বপ্ন শাস্ত্ৰৰ মতে, যদি আপুনি এয়া দেখিছে তেন্তে আপুনি হয়তো আৰ্থিক সংকটৰ সন্মুখীন হ’ব। তদুপৰি, সপোনত টকা হেৰুৱালে অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ বাবে আপুনি ধনৰ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।
আনহাতে বহু সময়ত কোনো ব্যক্তিয়ে সপোনত দেখে যে তেওঁ ক’ৰবাত পুতি থোৱা ধন লাভ কৰিছে। ইয়াৰ অৰ্থ হ’ল আপুনি ক’ৰবাৰ পৰা হঠাৎ ধন লাভ কৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা টনকিয়াল হ’ব।