৫৮ বছৰীয়া এজন লোকৰ পেটৰ ভিতৰত পোৱা গ’ল ১৮৭টা মুদ্ৰা।
কৰ্ণাটকৰ বাগলকোটত সংঘটিত হৈছে এক আশ্বৰ্যকৰ ঘটনা। ৫৮ বছৰীয়া এজন লোকৰ পেটৰ পৰা চিকিত্সকে অস্ত্ৰোপচাৰৰ জৰিয়তে ১৮৭টা মুদ্ৰা বাহিৰ কৰা ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৃদ্ধ লোকজনে পেটৰ বিষ অনুভৱ কৰাত চিকিত্সকৰ কাষ চাপিছিল। লগে লগে চিকিত্সকে তেওঁৰ এক্স-ৰে কৰে আৰু ইয়াৰ ৰিপৰ্টত ১৮৭টা মুদ্ৰা পেটৰ ভিতৰত থকা বুলি স্পষ্ট হয়।
এই কথা জানি চিকিত্সকো হতভম্ব হৈ পৰে।
এই ঘটনাৰ পিছত জিলাৰ এচ এছ কে হাস্পতালৰ চিকিত্সকৰ এটা দলে বহু চেষ্টাৰ অন্তত ৰোগীজনৰ পেটৰ ভিতৰৰ পৰা মুদ্ৰাসমূহ উলিয়াই আনে। মুদ্ৰা সমূহৰ বেছিভাগেই আছিল এক, দুই আৰু পাঁচ টকাৰ মুদ্ৰা।
গণনা কৰাত দ্যামাপ্পা হৰিজন নামৰ ৰোগীজনৰ পেটৰ ভিতৰৰ পৰা পাঁচ টকাৰ ৫৬টা, দুই টকাৰ ৫১টা আৰু এক টকাৰ ৮০টা মুদ্ৰা বাহিৰ হয়।জানিব পৰা মতে দ্যামাপ্পা স্কিজ’ফ্ৰেনিয়া ৰোগত আক্ৰান্ত আছিল। চিকিত্সকে প্ৰথমে এক্স-ৰে কৰি দ্যামাপ্পাই গিলি পেলোৱা মুদ্ৰাসমূহ ধৰা পেলায়। পুনৰ নিশ্চিত কৰিবলৈ চিকিত্সকে এণ্ড’স্কপি কৰে।
এণ্ড’স্কপিৰ জৰিয়তে সম্পূৰ্ণ নিশ্চিত হোৱাৰ পিছত চিকিত্সকে গেষ্ট্ৰ’টমীৰ অস্ত্ৰোপচাৰ কৰি তেওঁৰ পেটৰ পৰা এই বৃহত্ সংখ্যক মুদ্ৰা বাহিৰলৈ উলিয়াই আনে।