Friday, February 3, 2023
Google search engine
Homeগুৰুত্বপূৰ্ণTruecaller নোহোৱাকৈ অচিনাকি ফোন কল চিনাক্ত কৰিব পাৰিব

Truecaller নোহোৱাকৈ অচিনাকি ফোন কল চিনাক্ত কৰিব পাৰিব

Truecaller নোহোৱাকৈ অচিনাকি ফোন কল চিনাক্ত কৰিব পাৰিব

আপোনাৰ ফোনত যদি ট্ৰুকলাৰ নাই , তেন্তে আপুনি অচিনাকি ফোন কল চিনাক্ত কৰিব নোৱাৰে । কিন্তু এতিয়া আৰু ট্ৰুকলাৰ এপ ডাউনলোড নকৰিলেও হ’ব । শীঘ্ৰে এই সমস্যাৰ অন্ত পেলাবলৈ ভাৰতৰ টেলিকম ৰেগুলেটৰি অথৰিটি অৱ ইণ্ডিয়াই (ট্ৰাই) হাতত লৈছে এক বিশেষ ব্যৱস্থা ।
এই ব্যৱস্থাৰ যোগেদি আপোনাৰ ফোন নম্বৰত কোনো অচিনাকি ফোন কল আহিলে ফোনকৰা লোকজনৰ নামটো ওলাই আহিব । ট্ৰাইৰ তথ্য অনুসৰি দুই তিনি সপ্তাহৰ ভিতৰত এই ব্যৱস্থা আৰম্ভ হ’ব । ব্যস্ততাৰ মাজত বহু সমস্যাৰ সময়ত না-না অপ্ৰয়োজনীয় ফোন কলে আপোনাৰ কামত নিশ্চয়কৈ ব্যাঘাত জন্মায় ।

কোনোবাই অৰ্থনৈতিক লেন-দেনৰ বাবে আকৌ কোনোবাই আধাৰ কাৰ্ডৰ লিংক বিচাৰি , কোনো ব্যক্তিগত কোম্পানীৰ পৰা ফোন কৰা বুলি ব্যতিব্যস্ত কৰি তোলে । যাৰবাবে বহু মানুহ ভয়ংকৰ চাইবাৰ অপৰাধীৰ জালতো সোমাই পৰে । অৱশ্যে যিসকলে ট্ৰুকলাৰ এপ ডাউনলোড কৰি ৰাখিছে ,তেওঁলোকে সহজে কোনো বিপদত নাহে

সুবিধাৰ বাবেই বৰ্তমান ট্ৰুকলাৰ এপ যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। যদিও এই সুবিধা ১০০% লোকে লাভ কৰাটো সম্ভৱ নহয় । কিন্তু ট্ৰায়ে আৰম্ভ কৰিব খোজা এই সুবিধাৰ বাবে ভাৰতবাসীয়ে বিশেষ এপৰ ওপৰত আৰু নিৰ্ভৰ কৰিব নেলাগে । বিভিন্ন টেলিকম অপাৰেটৰৰ ওচৰত গ্ৰাহকৰ নামৰ তালিকা থাকে ।

কোনো গ্ৰাহকে চিম লোৱাৰ সময়ত নিজৰ ব্যক্তিগত কিছু তথ্য অপাৰেটৰৰ ওচৰত জমা দিব লাগে । এই তথ্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই ট্ৰায়ে আপোনাৰ ফোনলৈ অহা কলৰ বিষয়ে জ্ঞাত কৰিব পাৰিব । অৰ্থাৎ আপোনাৰ ফোনলৈ অহা কল ,কোনে কৰিছে ,এই সবিশেষ ট্ৰায়ে আপোনাক জনাই দিব । ট্ৰাইৰ এই ব্যৱস্থাই এতিয়া সঘনে হৈ থকা চাইবাৰ ক্ৰাইম , ধন হৰলুকিৰ দৰে ঘটনা ৰোধ কৰিব পাৰিব বুলি সকলোৱে মত প্ৰকাশ কৰিছে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments