Friday, February 3, 2023
Google search engine
Homeজীৱনকালদুই ভগ্নী, এটা শৰীৰ এজনী পৰিছে এতিয়া প্ৰেমত

দুই ভগ্নী, এটা শৰীৰ এজনী পৰিছে এতিয়া প্ৰেমত

দুই ভগ্নী, এটা শৰীৰ এজনী পৰিছে এতিয়া প্ৰেমত এয়া সঁচা যে তেওঁলোকে শৰীৰৰ কিছু অংশ সংলগ্ন হৈ আছে, কিন্তু, তেওঁলোকৰ হৃদয় বেলেগ। মগজুও বেলেগ। সেয়েহে শৰীৰটো এক হ’লে তেওঁলোক দুগৰাকী পৃথক মানুহ

দুই ভগ্নী, এটা শৰীৰ এজনী পৰিছে এতিয়া প্ৰেমত

এয়া সঁচা যে তেওঁলোকে শৰীৰৰ কিছু অংশ সংলগ্ন হৈ আছে, কিন্তু, তেওঁলোকৰ হৃদয় বেলেগ। মগজুও বেলেগ। সেয়েহে শৰীৰটো এক হ’লে তেওঁলোক দুগৰাকী পৃথক মানুহ।

দুগৰাকী ভগ্নীৰ সঁচা কাহিনী । দুয়োগৰাকীৰে দেহ একেটাই হ’লেও চিন্তা চৰ্চা বেলেগ বেলেগ। দুয়োগৰাকী ভগ্নীয়ে শেহতীয়াকৈ এটা অনুষ্ঠানত তেওঁলোকৰ কাহিনী বৰ্ণনা কৰিছে।।

কাৰমেন প্ৰেমত পৰিছে। অৱশ্যে লুপিটাৰ এই বিষয়ত কোনো আগ্ৰহ নাই।অৱশ্যে এনে শাৰীৰিক অৱস্থাত প্ৰেম কৰাটো মুখৰ কথা নহয়! লুপিতাই স্বীকাৰ কৰিছে যে এইটো ডাঙৰ সমস্যা। অৱশ্যে তেওঁ প্ৰায় ডেৰ বছৰ ধৰি এজন পুৰুষৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আহিছে। ডেটিং এপত ডেনিয়েল নামৰ এজন যুৱকৰ সৈতে তেওঁ কথা পাতে। যুৱকজনেও কয় প্ৰথমে মই তেওঁলোকক সংযুক্ত হৈ থকা বাবে অলপ সংকোচ বোধ কৰিছিলোঁ।

অৱশ্যে তেওঁ আৰম্ভণিৰে পৰা সম্পৰ্কৰ বিষয়ে স্বচ্ছ হ’ব বিচাৰিছিল। সেইকাৰণে তেওঁ সকলো কথা মুকলিকৈ কৈছিল। ফলস্বৰূপে পিছৰ সময়ছোৱাত কোনো সমস্যা হোৱা নাই। তেওঁলোকৰ সম্পৰ্কৰ সীমাবদ্ধতা তেওঁলোকেও বুজি পায়। শাৰীৰিক কাৰণত তেওঁলোক ওচৰত থাকিব নোৱাৰে আৰু প্ৰেমিক-প্ৰেমিকাৰ ইয়াত কোনো সমস্যা নাই।

সেয়েহে হাঁহি এটা মাৰি ডেনিয়েলে কৈছিল যে তেওঁৰ প্ৰেমৰ সম্পৰ্ক চলি আছে। আন এগৰাকী ভগ্নী লুপিতাই কয় যে তেওঁ তেওঁৰ ভগ্নী আৰু ভগ্নীৰ প্ৰেমিক দুয়োকে উপহাস কৰি আহিছে। এক কথাত তেওঁলোকৰ প্ৰেম শাৰীৰিক প্ৰেমতকৈ মানসিক প্ৰেমহে। তথাপি লুপিটাৰ অনুমতি লৈ তেওঁলোকে কাষতে বহি অন্তৰংগও হৈ পৰে।

লুপিটা আৰু কাৰমেনৰ দিনবোৰ এনেদৰেই পাৰ হৈ গৈছে।তেওঁলোকে বিশ্বাস কৰে যে জীৱনটো সঁচাকৈয়ে ধুনীয়া।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments