আজব পৃথিৱীৰ আজব ঘটনা !আইতাকৰ গৰ্ভৰ পৰা জন্ম পালে নাতিনীয়ে
বহুতো সময়ত ছ’চিয়েল মিডিয়া প্লেটফৰ্মত, টেলিভিছনত চাৰোগেচীৰ বহুতো কাহিনী হয়টো শুনিছে।
কিন্তু চাৰোগেচীৰ এটা বাতৰিয়ে এতিয়া আচৰিত কৰিছে সকলোকে | ঘটনাটো আমেৰিকা যুক্তৰাষ্ট্ৰাৰ।
আপুনি নিশ্চয় বহু সময়ত মাতৃ আৰু জীয়েক একেলগে গৰ্ভৱতী হোৱা শুনিছে।
এনে পৰিস্থিতিত একেলগে দুটা প্ৰজন্মই একেলগে জন্ম পোৱা বা বহুবাৰ শাহু আৰু বোৱাৰীয়েকেও একেলগে সন্তান জন্ম দিয়া শুনিছে |
কিন্তু এইবাৰ এটা আচৰিত ঘটনা হৈছে | য’ত এগৰাকী মহিলাই নিজৰ পুত্ৰৰ সন্তানৰ মাতৃ হৈছে |
আপোনি হয়টো শুনি বৰ আচৰিত পাইছে যে এগৰাকী মাতৃ য়ে নিজৰ সন্তান জন্ম দিছিল আৰু তাক ডাঙৰ-দীঘল কৰিছিল, আজি তেওঁৰ সন্তানৰ মাতৃ তেওঁ হল কেনেকৈ।
কিন্তু এইটো সঁচা। দৰাচলতে আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰা ৫৬ বছৰীয়া নেন্সি হকে নিজৰ নাতিনীক জন্ম দিয়াৰ পিছত তেওঁৰ চাৰোগেচী মাতৃ হৈ পৰিছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ উটাহৰ পৰা চাৰোগেচীৰ এই অতি আকৰ্ষণীয় ঘটনাটো পোহৰলৈ আহিছে |
আমেৰিকাৰ এখন আলোচনিত প্ৰকাশ পোৱা মতে মহিলাগৰাকীৰ বোৱাৰীয়েকে হিষ্টেৰেকটমী কৰাৰ বাবে সন্তান জন্ম দিবলৈ অক্ষম ।
যাৰ বাবে স্বামী আৰু পত্নীৰ ওচৰত আন কোনো বিকল্প নাছিল।
সেয়েহে তেওঁলোকে এই সিদ্ধান্ত লয় | সন্তানটি জন্ম পোৱাৰ পিছত তেওঁলোক যথেষ্ট সুখি হৈছে |