Friday, February 3, 2023
Google search engine
Homeজীৱনকালএখন চহৰ য'ত বাস কৰিব গলে পাব ২৫ লাখ টকা

এখন চহৰ য’ত বাস কৰিব গলে পাব ২৫ লাখ টকা

এখন চহৰ য’ত বাস কৰিব গলে পাব ২৫ লাখ টকা

বাসিন্দাসকলক আকৃষ্ট কৰিবলৈ লোভনীয় অফাৰ ইটালীৰ কিছু সৰু চহৰৰ ৷ সমগ্ৰ বিশ্বক আবেদন কৰিছে তাত বসবাস কৰিবৰ বাবে ৷ ইটালীৰ পাগলিয়া প্রদেশৰ প্রেচিক্কে চহৰত থাকিলে ৩০ হেজাৰ ইউৰো দিয়া হ’ব গৃহ নিৰ্মাণ কৰিবৰ বাবে ৷ ভাৰতীয় মুদ্রাত ইয়াৰ পৰিমাণ প্রায় ২৫ লাখ টকা ৷

চহৰত গৃহ নিৰ্মাণ কৰিবৰ বাবে এই অর্থ প্ৰদান কৰা হৈছে ৷ স্থানীয় কাউন্সিলৰে সংবাদমাধ্যমক জনাইছে, এই চহৰৰ ঐতিহাসিক কেন্দ্রত ১৯৯১ৰ পূৰ্বে নিৰ্মিত বহু গৃহ খালি হৈ আছে ৷ সেইবোৰত তেওঁলোকে নতুন বাসিন্দাসকলক নতুন সংসাৰ দেখুওৱাব বিচাৰে ৷ প্রাচীন চহৰত ইতিহাস, স্থাপত্য আৰু শিল্পৰ এই নিদর্শনবোৰ শূন্য দেখি ভাল নালাগে, মত স্থানীয় প্রশাসকসকলৰ ৷

আগ্রহী বাসিন্দাসকলক আকর্ষণ কৰিবলৈ অর্থৰ ব্যৱস্থা কৰা হৈছে ৷ কাৰণ সময়ৰ লগে লগে ক্ষয়ৰ প্রলেপ পৰিছে চহৰখনত ৷ কাউন্সিলৰৰ দাবী, কর্তৃপক্ষৰ পৰিকল্পনা আছে পৰৱর্তী সপ্তাহবোৰত এই বিষয়ত আবেদন গ্রহণ কৰা ৷

যদি কো আগ্রহী হয়, চহৰৰ ৱেবছাইটত গৈ আবেদন কৰিব পাৰে ৷ কর্তৃপক্ষৰ তৰফৰ পৰা কোৱা হৈছে যদি কোনোৱে এই চহৰৰ পৰিত্যক্ত গৃহ ক্ৰয় কৰিব বিচাৰে, তেনেহ’লে তেওঁক ৩০ হেজাৰ ইউৰো দিয়া হ’ব ৷ টকাৰ কিছু অংশ ব্যৱহাৰ কৰা হ’ব পুৰণি গৃহ কিনিবলৈ আৰু কিছু অংশ ব্যৱহাৰ কৰা হ’ব গৃহবোৰ মেৰামতি কৰিবলৈ ৷

ইটালীয় আইন অনুযায়ী পৰৱর্তীকালত আৰু বৃহত্তৰ ক্ষেত্রত পাবলিক ফাণ্ডৰ ব্যৱস্থা কৰা হ’ব ৷ অনুমান কৰা হৈছে প্রতি বছৰে ১,০০০,০০০ ইউৰো আবণ্টন কৰা হ’ব ৷ এই অর্থ পৰৱর্তীকালত ব্যৱহাৰ কৰা হ’ব চহৰৰ উন্নয়নত

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments