প্ৰেমিক প্ৰেমিকাৰ বাবে বিশেষ অফাৰ দিয়া এখন চাহৰ দোকান । প্ৰেমত প্রতাৰিত হলে যাব পাৰে সেই চাহৰ দোকান খনত।
প্ৰতাৰিত প্ৰেমিক প্ৰেমিকাৰ বাবে প্ৰেৰণা হৈ উঠিছে এজন যুৱক
প্ৰেমৰ শক্তি অপৰিসীম! প্ৰেমৰ শক্তিৰে আকাশ জয় কৰিব পাৰি বুলি কোৱা হয়। যেতিয়া প্ৰেমত অবিশ্বাসৰ সন্মুখীন হ’বলগীয়া হয়, তেতিয়া এজন ব্যক্তি ভাঙি যায়। কিন্তু ইয়াত প্ৰেমিকাৰ প্ৰতাৰণাত আঘাত পাই সুৰাৰ বটল বা আত্মহত্যাৰ দৰে পদক্ষেপ লোৱাৰ পৰিৱৰ্তে প্ৰেমিক প্ৰেমিকাৰ প্ৰতাৰণাক প্ৰেৰণা হিচাপে ৰাখিছে। এই প্ৰেমিকেজন প্ৰতাৰিত প্ৰেমিকাৰ নামত চাহৰ দোকান খুলি বিশেষ চৰ্চা লাভ কৰিছে। তেওঁৰ দোকানখনৰ নাম ‘বেৱাফা চাইৱালা দোকান ইন বাণ্ডা’। এই নামটো ৰাতিটোৰ ভিতৰতে সমগ্ৰ দেশত পৰিচিত হৈ পৰিছে।
য’ত প্ৰেমিকৰ বাবে বিশেষ অফাৰ আছে বেৱাফা চাইৱালা নামৰ এই চাহৰ দোকানখনত। প্ৰেমত প্ৰতাৰিত হোৱা সকলৰ বাবেও বিপুল ৰেহাইত চাহ উপলব্ধ। পুৱাৰে পৰা এই চাহ দোকানত বৃহৎ সংখ্যক পুৰুষ-মহিলা দেখা যায়। এই বেৱাফা চায়ৱালা সমগ্ৰ অঞ্চলটোৰ আকৰ্ষণ আৰু কৌতুহলৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এই দোকানত প্ৰেমিক দম্পতীয়ে ১৫ টকাত চাহ পায়। একে সময়তে প্ৰেমত প্ৰতাৰিত হোৱা লোকে দহ টকাত চাহ পায়। চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই বেৱাফা চায়ৱালা।