এন্দুৰৰ উপদ্রবৰ পৰা কি উপায়েৰে সহজে ৰক্ষা পাব
সপ্তাহত দুই-তিনিবাৰ হ’লেও পিয়াজৰ ৰস মিহলাই ঘৰ মুচিব লাগে । এনে কৰিলে ঘৰৰ আশে-পাশেও এন্দুৰ আহিব নোৱাৰে । একেদৰে ৰন্ধন সামগ্ৰীৰ অন্যতম মচলা লঙৰ গোন্ধও এন্দুৰে ল’ব নোৱাৰে । এন্দুৰ ওলোৱা ঠাইত লং থেতালি, এখন কাপোৰত লগাই মুচি দিলে এন্দুৰ পলাই পত্ৰং দিব । নতুবা ঘৰখনত এন্দুৰ চলাচল কৰা ঠাইত লঙৰ মিশ্ৰণ থৈ দিলেও এন্দুৰ আহিব নোৱাৰে ।
একেদৰে বজাৰত উপলব্ধ হোৱা লং তেলো ব্যৱহাৰ কৰিব পাৰে । অৰ্থাৎ অলপ কপাহ লৈ কিছু পৰিমাণে লং তেল দি , ঘৰৰ চুকে-কোণে ৰাখি থলেও এন্দুৰৰ উপদ্ৰৱ কম হয় । স্বাস্থ্যৰ পক্ষে খুবেই উপকাৰী জালুকৰো তীব্ৰ গোন্ধ আছে । যাৰ গোন্ধ পোক-পৰুৱা , মকৰা, এন্দুৰ কোনেও সহ্য কৰিব নোৱাৰে । তেনেক্ষেত্ৰত জালুকৰ গুড়ি ঘৰৰ চুকে-কোণে পেলাই থলেও এন্দুৰ আহিব নোৱাৰে । অৱশ্যে ঘৰত শিশু থাকিলে ঘৰৰ ভিতৰত জালুকৰ গুড়ি দিব নালাগে । তাৰ পৰিৱৰ্তে ঘৰৰ চাৰিওফালে জালুকৰ গুড়ি চটিয়াই থলে এন্দুৰ ঘৰৰ আশে-পাশেও আহিব নোৱাৰে ।