মসৃণ উজ্জ্বল ছাল পাবলৈ ৰাতিপুৱাই লওক ছালৰ যত্ন এনেদৰে
ছালৰ যত্ন ল’বলৈ আমি না-না ধৰণৰ প্ৰসাধন ব্যৱহাৰ কৰোঁ। দিনত চানস্ক্ৰিন আৰু ৰাতিত নাইট ক্ৰিম ঘঁহি বিচনালৈ যাওঁ । কিন্তু পুৱা শুই উঠাৰ পিছত আপুনি কেনেধৰণে ছালৰ যত্ন লয় | আচলতে ছাল ভালে ৰাখিবলৈ পুৱা-গধূলি সকলো সময়তে যত্ন লোৱাটো খুবেই জৰুৰী ।
মৰ্ণিং চৌজ দ্যা ডে অৰ্থাৎ পুৱা আৰম্ভণিতে ছালৰ যত্ন ললে দিনটোৰ বাবে ছালখন জিলিকি থাকিব । এই যত্ন লবলৈ কেৱল প্ৰসাধনৰ ওপৰত ধ্যান দিলেই নহ’ব । প্ৰসাধন ব্যৱহাৰ নকৰাকৈও মাত্ৰ এই চাৰিটা নিয়মৰ যোগেদি ছালৰ যত্ন ল’ব পাৰি ।
পুৱা নেমুৰ ৰস পাণ কৰক :— ৰাতিপুৱা খালি পেটত গৰম পানীৰ লগত নেমুৰ ৰস মিলাই খোৱাৰ অভ্যাস কৰক । এই অভ্যাস বহুতেই ওজন কমাবৰ বাবেও কৰে । কিন্তু খালি পেটত গৰম পানীৰ লগত কেইটোপালমান নেমু টেঙাৰ ৰস মিলাই খালে ছালৰ উজ্জ্বলতাও বৃদ্ধি পায়
ই শৰীৰৰ দূষিত পদাৰ্থ বাহিৰ কৰাত সহায় কৰাৰ লগতে লিভাৰৰো সুৰক্ষা প্ৰদান কৰে । ইয়াৰোপৰি নেমুৰ ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন চি ও এন্টিঅক্সিডেন্ট থাকে , যি ছাল সতেজ কৰি ৰখাত সহায় কৰে ।
যোগব্যায়াম :— মূলতে শৰীৰচৰ্চা নকৰিলে আপুনি শৰীৰৰ কোনো অংগই ভাল কৰি ৰাখিব নোৱাৰে । পুৱা যোগ ব্যায়ামৰ অভ্যাস কৰিলে শৰীৰৰ ৰক্ত সঞ্চালন বৃদ্ধি পায় । যোগাসনে ছালৰ বলীৰেখা, ব্ৰণ সমস্যা, ডাৰ্ক চাৰ্কেল আদি সমস্যাৰ পৰাও আপোনাক ৰক্ষা কৰিব পাৰে
লগতে ব্যায়াম কৰিলে আমাৰ শৰীৰৰ পৰা ঘাম নিৰ্গত হয় আৰু সেই ঘামৰ যোগেদি শৰীৰত জমা হৈ থকা দূষিত পদাৰ্থ বাহিৰ হৈ আপোনাক সুস্বাস্থ্য প্ৰদান কৰাৰ লগতে ছালখন মসৃণ কৰি তুলিব ।
ডায়েটেই মূল মন্ত্ৰ :– ছাল ভালে ৰাখিবলৈ ডায়েটৰ ওপৰত সম্পূৰ্ণ ধ্যান দিবই লাগিব । প্ৰতিদিনে কাৰ্বহাইড্ৰেট জাতীয় খাদ্য খোৱাৰ পৰা বিৰত থাকক । কেঁচা ফল, সতেজ শাক-পাচলি প্ৰচুৰ পৰিমাণে খাব লাগে ।
বিশেষকৈ পুৱা দৈনিক ফলৰ ৰস খোৱাৰ অভ্যাস কৰক । এইধৰণৰ পানীয় শৰীৰ ও ছাল পৰিষ্কাৰ কৰি ৰখাৰ লগতে শৰীৰৰ ভিতৰতো পুষ্টি যোগান ধৰি শৰীৰ সুস্থ কৰি ৰাখিব ।
পুৱা লঘু ফেচওৱাচ ব্যৱহাৰ কৰক :—সকলোৱে পুৱা শুই উঠি মুখ ধুওতে পাতল ফেচওৱাচ ব্যৱহাৰ কৰিব লাগে লগতে দিনৰ ভাগত চানস্ক্ৰিন ব্যৱহাৰ কৰিবলৈ কেতিয়াও নাপাহৰিব । ই আপোনাৰ ছালখন প্ৰখৰ ৰ’দ,ধূলি-বালিৰ পৰা ৰক্ষা কৰিব