বাঘবৰৰ ভাতনাপাইতিত দূৰ্নীতিগ্ৰস্ত চাৰি সমবায় এজেণ্ট’ৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ
বৰপেটাৰ বাঘবৰ সমবায়ৰ সৈতে সংলগ্ন হোৱা বাঘমাৰাচৰ সমবায় সমিতিৰ অধীনস্থ একাংশ দূৰ্ণীতি পৰায়ন এজেন্ট’ৰ বিৰুদ্ধে কেইবা শতাধিক পুৰুষ-মহিলাই সাৱ্যস্ত কৰে উত্তাল প্ৰতিবাদ
অভিযোগ মতে দূৰ্ণীতি পৰায়ণ চাৰি এজেন্ট ক্ৰমে জয়ফুল নেছা আব্দুল হাসেম আব্দুল কাদেৰ আৰু আব্দুল বাতেনে দীৰ্ঘদিনৰে পৰা দৰিদ্ৰ হিতাধিকাৰী সকলক শোষণ কৰি আহিছে
আনকি ৰেচন কাৰ্ড বনাই দিব কৈ একাংশৰ পৰা ৩-৫ হাজাৰ টকা লৈ ৰেচন কাৰ্ড বনাই নিদিয়াৰ ওপৰিও টকাৰ লোভত প্ৰকৃত হিতাধিকাৰীক কৰ্তন কৰি বেলেগৰ ওচৰত ৰেচন কাৰ্ড বিক্ৰী কৰিছে বুলি গুৰুতৰ অভিযোগ কৰে
এই সন্দৰ্ভত এজেন্ট সকলক কিবা সুধিলেই হিতাধিকাৰীক দূৰ্ব্যৱহাৰ আৰু অকথ্য ভাষাৰে গালি-গালাজ পাৰে
বৰপেটা যোগান বিভাগক একাধিক বাৰ অভিযোগ কৰাত যোগান বিভাগে দূৰ্নীতি পৰায়ণ এজেন্ট কেইজনক নিলম্বন কৰিয়েই দায়িত্ব সামৰে
সেয়ে প্ৰতিবাদৰ যোগেদি এজেণ্ট সকলোৰ পঞ্জীয়ণ নম্বৰ বাতিল কৰাৰ লগতে তেওলোকক বৰ্খাস্ত কৰাৰো দাবী জনায়।
সেয়ে প্ৰতিবাদকে শেষ ভৰসা কৰি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ জৰিয়তে দূৰ্নীতি সংঘটিত কৰা ব্যক্তি সকলোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়