কলগাছিয়াত ৰাষ্ট্ৰীয় একতা সংহতি দিৱস পালন। বৃহত্তৰ কলগাছিয়া এলেকাজুৰি শান্তি প্ৰতিষ্ঠাৰ হকে নৱজ্যোতি মহাবিদ্যালয়ৰ পৰা এক পদযাত্ৰা কৰে।
বৰপেটা জিলাৰ কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সাম্প্ৰদায়িক সম্প্ৰীতি অভিযান দিৱস পালন কৰা হয়। সমগ্ৰ ভাৰতক একতাৰ বন্ধনত একত্ৰিত কৰি ৰাখিবলৈ এই একতা আৰু সদভাৱৰ অনুষ্ঠান আয়োজন কৰে মহাবিদ্যালয় কতৃপক্ষই ৷ এই পদযাত্ৰাত ছাত্ৰ ছাত্ৰীয়ে হিন্দু মুছলিমৰ ভাতৃত্তবোধ, হিংসাত নিঃস্ব কৰি তোলা শিশুসকলক সহায় কৰা আদি বিভিন্ন শ্লোগানেৰে মুখৰিত কৰি তুলিছে। একতাৰ এই পদযাত্ৰাত মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক আৰু অধ্যাপিকাৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে সমগ্ৰ কলগাছিয়া এলেকা পৰিভ্ৰমন কৰি পুনৰ মহাবিদ্যালয়ত উপস্থিত হৈ এই পদযাত্ৰা সমাপ্ত কৰে৷ লগতে সাম্প্ৰদায়িক সংঘৰ্ষৰ বলি হোৱা বেলেগ বেলেগ ৰাজ্যক সহায়ৰ বাবে অধ্যাপক আৰু ছাত্ৰ ছাত্ৰীয়ে কলগাছিয়া দোকান পোহাৰৰ লগতে সচেতন ৰাইজৰ পৰা বৰঙণি অনুদান সংগ্ৰহ কৰে।