যাৰ নাম শুনিলেই মনৰ মাজত থকা বীৰ সত্বা প্ৰৱল হৈ উঠে, যাৰ নামৰ প্ৰতিটো ধ্বনিত উথলি উঠে জাতীয় চেতনা, তেনে এজন বীৰ চূড়ামণি আহোম সাম্ৰাজ্যৰ এজন ফুকনলুং লাচিত বৰফুকনৰ জন্ম হৈছিল গড়গাঁৱৰ আশে-পাশে ১৬১২ খ্ৰীষ্টাব্দৰ ২৪ নৱেম্বৰত৷ পিতৃ মোমাই তামুলী বৰবৰুৱা আৰু মাতৃ নাগেশ্বৰীৰ সপ্তম সন্তান আছিল লাচিত বৰফুকনে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ বাবেই বুৰঞ্জীত তেখেতৰ নাম সোণালী আখৰেৰে জিলিকি আছে৷ তেওঁৰ দেউতাক মোমাই তামুলী বৰবৰুৱা ম’-ছাই চেং কালুক যি আহোমৰ বিখ্যাত লান-ফিমা বংশৰ আছিল। এই ফৈদৰ আদি পুৰুষজন হেনো চুকাফাৰ লগতে অসমলৈ আহিছিল
ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা হেতু লাচিতে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষা গ্ৰহণ কৰিছিল। ৰাজকীয় পৰিৱেশত ডাঙৰ হোৱা বাবে কৰ্তব্যপৰায়ণ, কৰ্মনিষ্ঠা, সততা আদি গুণ পৰিয়ালৰ পৰাই পাইছিল। পিতৃ মোমাই তামুলী বৰবৰুৱাই লাচিত বৰফুকনক শিক্ষা প্ৰদান কৰিবলৈ উপযুক্ত শিক্ষক নিয়োগ কৰিছিল। তেওঁ তেতিয়াই আহোম শাস্ত্ৰ, হিন্দু ধৰ্মনীতি, অৰ্থশাস্ত্ৰ আদিৰ বিষয়ে জ্ঞান লাভ কৰিছিল। দেশৰ বুৰঞ্জী আৰু শাসনকাৰ্য সম্পৰ্কীয় জ্ঞানো তেওঁ লাভ কৰাৰ সমান্তৰালকৈ বিভিন্ন অস্ত্ৰচালনাৰ লগতে অন্যান্য সামৰিক শিক্ষাও গ্ৰহণ কৰি সকলো ক্ষেত্ৰতে ক্ৰমান্বয়ে পাৰ্গত হৈ উঠিছিল। বৰবৰুৱাৰ পুত্ৰ হিচাপে স্বৰ্গদেউৰ বৰচ’ৰালৈও লাচিতৰ সঘন আহ-যাহ আছিল। ইয়াৰ ফলত ৰাজসভাৰ আদব-কায়দা সমূহো তেওঁ অতি সোনকালেই শিকিছিল।
সৰুৰে পৰা অতি নিৰ্ভীক, সৎ আৰু স্পষ্টবাদী লাচিতে তেওঁৰ পিতৃ আহোম ৰজাৰ বৰবৰুৱা পদবীত থকা বাবে সৰুৰে পৰাই পিতৃৰ কাম-কাজ তথা বিভিন্ন ডা-ডাঙৰীয়াসকলৰ সৈতে হোৱা আলোচনাবোৰ প্রত্যক্ষ কৰাৰ সুবিধা লাভ কৰিছিল আৰু এইবোৰৰ পৰা তেওঁ বহুতো জ্ঞান তথা অভিজ্ঞতা আহৰণ কৰিছিল।
ৰাজকাৰ্যত পিতৃৰ কৃতিত্বৰ বাবে লাচিত বৰফুকন আহোম ৰাজসভাত গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে নিজৰ অধ্যাৱসায়, সাহস তথা কষ্টৰ ফলতহে আহোম ৰাজ্যৰ বৰফুকন তথা প্রধান সেনাপতিৰ পদত অধিষ্ঠিত হৈছিল লাচিত বৰফুকন। গুৰুত্বপূৰ্ণ কথা যে পোন প্রথমেই আহোম ৰাজ্যৰ সেনাপতিৰ পদত অধিষ্ঠিত হোৱাৰ বিপৰীতে লাচিত বৰফুকনে সেইসময়ৰ ৰাজমন্ত্ৰী ডাঙৰীয়াৰ ‘হাঁচতিধৰা তামুলী’ৰ পদত নিযুক্ত হৈছিল। ব্যক্তিগত সহায়কৰ পৰ্যায়ৰ এই পদটোত অধিষ্ঠিত হৈ প্ৰথমবাৰৰ বাবে আহোম ৰাজ্যৰ ৰাজনীতিত প্ৰৱেশ কৰা লাচিত বৰফুকনে ইয়াৰ পৰৱৰ্তী সময়ত নিযুক্তি পাইছিল ঘোঁৰাবৰুৱাৰ পদত। ঘোঁৰাবৰুৱাৰ পদত কাৰ্যনিৰ্বাহ কৰি থাকোতে লাচিত বৰফুকনে ঘোঁৰাসমূহ সঠিক ভাৱে তত্ত্বাৱধান কৰাই নহয় বহু কেইটা দুর্দান্ত ঘোঁৰা বশ কৰি নিজৰ প্ৰতিভা আৰু সাহসিকতাৰ পৰিচয় দাঙি ধৰা লাচিতক পৰৱৰ্তী সময়ত আহোম ৰজাই দুলীয়া বৰুৱা পদবীত নিযুক্তি দিছিল। পিছত তেওঁ নিযুক্তি লাভ কৰিছিল শিমলুগুৰিয়া খেলৰ প্ৰধান বিষয়া শিমলুগুৰিয়া ফুকনৰ পদবীত। এই পদত দায়িত্ব সম্পন্ন কৰা লাচিত বৰফুকনে পৰৱৰ্তী সময়ত নিযুক্তি লাভ কৰিছিল দোলাকাষৰীয়া বৰুৱা হিচাপে। এই সময়ত তেওঁৰ কাম আছিল ৰজা দোলাত যাওঁতে ৰজাৰ পালিপহৰীয়া (চাওদাং) সকলক নিয়ন্ত্ৰণ কৰা।
দোলাকাষৰীয়া বৰুৱা পদত থাকোঁতেই লাচিতৰ দক্ষতা চাওফাৰ চকুত পৰে। এদিনাখন দোলাত বহি থকা চাওফাই লাচিতক মাতি আনি ক’লে- “বঙাল শত্ৰু কাষতে আছে, কেনেকৈ ছৈয়দ ফিৰোজ আৰু ছৈয়দ চালাক ধৰিব পাৰি।” লাচিতে উত্তৰ দিলে- “চাওফাৰ ৰাজ্যত মানুহ নাই নেকি? বঙালনো কি? মানুহহে! আমাৰ ৰাজ্যত নোলাব নেকি তেনে মানুহ। চাওফা আদেশ দিবহে লাগে।” তাৰ পিচতেই লাচিতক ফুকনলুঙৰ ভাৰ দিয়া হৈছিল৷
১৬৬৭ চনত আহোম-মোগলৰ যুদ্ধ আৰম্ভ হৈছিল। এই যুদ্ধত লাচিতে তেওঁৰ বীৰত্বৰ পৰিচয় দি মোগল সৈন্যক মানাহ নদী পাৰ কৰি খেদি পঠিয়াইছিল। ১৬৭১ খ্ৰীষ্টাব্দত লাচিত বৰফুকনৰ নেতৃত্ব বহন কৰা শৰাইঘাট যুদ্ধ হ’ল অসমৰ ইতিহাসৰ সোণালী আখৰেৰে জিলিকা যুগান্তকাৰী ঘটনা। লাচিত বৰফুকনৰ নেতৃত্বত মহা পৰাক্ৰমী মোগল শক্তিক পৰাস্ত কৰি অসমীয়াৰ সন্মান বৃদ্ধি কৰি ইতিহাসৰ পাত শুৱনি কৰিলে৷ লাচিত বৰফুকনৰ বিচক্ষণ ৰণনীতি, দৃঢ়তা আৰু মনোবলৰ বাবেই এই যুদ্ধত আহোম সেনা বিজয়ী হৈছিল৷ পিছ হুঁহুকি আহিবলৈ ধৰা অসমীয়া সেনাৰ মনোবল টুটি নাহিবলৈ তেওঁ নৰীয়া শৰীৰেই যুদ্ধ কৰি দেশপ্ৰেমৰ অতুল নিদৰ্শন দে্খুৱাই গৈছে৷ লাচিত বৰফুকনৰ বীৰত্বৰ সম্পৰ্কত প্ৰতিদ্বন্দ্বী মোগল সেনাপতি ৰামসিংহইও প্ৰশংসা কৰিবলৈ কুণ্ঠাবোধ কৰা নাই৷
নিজৰ বীৰত্ব, সাহস আৰু দেশপ্ৰেমৰ বাবে অসমৰ ইতিহাসত সোণালী আখৰেৰে জিলিকি থকা লাচিত বৰফুকন কেৱল একেৰাতিৰ ভিতৰতে উজ্জ্বলি উঠা নাম নহয়৷ জীৱনৰ অশেষ ত্যাগ, সাধনা আৰু পৰিশ্ৰমৰ ফলতহে বিখ্যাত হোৱা নাম৷ অৱশেষত ১৬৭২ খ্ৰীষ্টাব্দত অৰ্থাৎ শৰাইঘাটৰ যুদ্ধৰ কিছুদিনৰ পিছতেই ৫০ বছৰ বয়সত এইজনা মহান বীৰৰ মৃত্যু হয়৷