হিন্দু মুছলমানৰ মিলা-প্ৰীতিৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে বাঘবৰৰ,বালিকুৰী গাওঁৰ মুছলমান সমাজে।
এইখন অসমতে আৱিৰ্ভাৱ হৈছে , মানৱতায় যে মানুহৰ পৰমধৰ্ম ।সেয়া প্ৰতিপন্ন কৰিলে বাঘবৰৰ বালিকুৰী গাওঁৰ মুছলমান লোকসকলে।
বালিকুৰী গাওঁৰ জেষ্ঠ্য হিন্দু ধৰ্মাৱলম্বী ব্যক্তি শ্ৰী শংকৰ আৰ্য্য যোৱা নৱেম্বৰ মাহৰ ১৩ তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে। তাৰ পিছতেই মুছলমান ধৰ্মাৱলম্বী লোকে মিলা-প্ৰীতিয়ে শেষকৃত্য সম্পন্ন কৰে , মৰ্মাহত ৰাইজে -হিন্দু ধৰ্মৰ নীতি অনুযায়ী অতি দৰিদ্ৰ পৰিয়ালৰ ব্যক্তি শ্ৰী শংকৰ আৰ্য্যৰ শ্ৰাদ্ধ মুছলমানসকলে মিলিত হৈ তেওঁলোকৰ আৰ্থিকেৰে হিন্দু পৰিয়ালৰ ব্যক্তিৰ ঘৰত শ্ৰাদ্ধ সম্পন্ন কৰে। লগতে ইছলাম ধৰ্মাৱলম্বী লোকে, উল্লেখ কৰে যে হিন্দু কি মুছলমান একে আল্লাহৰ ফৰ্ৰমান। গতিকে আমি শান্তি সমৃদ্ধিৰ এনাজৰী মিলা-প্ৰীতিয়ে আৰু একতাৰ বান্ধোনেৰে বসবাস কৰি থাকিব বুলি উল্লেখ কৰে।