৫৩ তম্ বাৰ্ষিক “জাতীয় ৰাস কৰম উদযাপন
ওদালগুৰি পানেৰী চাহ বাগিচা ১০ নম্বৰ লাইন আৰু স্থানীয় আদিবাসী ৰাইজৰ উদ্যোগত লগতে ১০ নং লাইনৰ প্ৰাথমিক গোট এ.চি.এম.এচ ৰ সহযোগত ৫৩ তম জাতীয় ৰাস কৰম উদযাপন কৰে পানেৰী চাহ বাগিচা ১০ নং লাইনৰ খেলপথাৰ প্ৰাঙ্গনত । অসমীয়া জাতীৰ অবিচ্ছেদ্য অংশ আদিবাসীৰ জাতীয় উৎসৱ কৃষি ভিত্তিক “ৰাস কৰম” পৰৱটি অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত এক সমন্বয় বাৰ্তাবাহক হিচাপে ভূমিকা পালন কৰি আহিছে। আঘোণ মাহৰ পূৰ্ণিমা তিথিত পৰা অনুষ্ঠিত হোৱা এই পৰৱটিৰ স্বকীয় পৰম্পৰা আৰু ঐতিহ্যই কেৱল আদিবাসী জনগোষ্ঠীকে বৰ্ণাঢ্য কৰি তোলা নাই বৰং অসমৰ সংস্কৃতিক জগতখনকো চহকী কৰি তুলিছে। যিহেতু পানেৰী চাহ বাগিছাৰ ১০ নং লাইনত এই ৰাস কৰম পৰৱটি ৫৩ তম বৰ্ষ গৰকিলে অসমৰ ভিতৰত প্ৰথম ৰাস কৰম ইয়াতে উদযাপন কৰা দেখা যায়।
সেয়েহে ১৯ -২০ নৱেম্বৰৰ,২০২২ শনি আৰু ৰবিবাৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যক্ৰমিকভাৱে অনুষ্ঠান আয়োজন কৰিছে। উদযাপন সমিতিৰ সভানেত্ৰী মাৰিয়াম টপ্পো কাৰ্যকৰী সভাপতি জয়পাল, সম্পাদক বিকাশ চয় লগতে বিষয়ববীয়া আৰু সদস্য /সদস্যা সকল সহায় সহযোগ সুন্দৰভাৱে এই জাতীয় ৰাস কৰম উদযাপন কৰে।
বিভিন্ন ঠাইৰ পৰা আমন্ত্ৰিত কৰম নৃত্য, ঝুমুৰ নৃত্য, মুণ্ডা নৃত্য, বিভিন্ন জাতীৰ নৃত্য প্ৰতিযোগিতা আৰু প্ৰদৰ্শনীমূলক নৃত্য প্ৰদৰ্শন কৰে।
ইয়াত বিশিষ্ট আমন্ত্ৰিত অতিথি হিচাপে উপস্থিতিৰ থাকে প্ৰমোদ বড়ো মুখ্য কাৰ্য্যবাহী সদস্য বি.টি.আৰ ,কোকৰাঝাৰ লগতে উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ আছাৰ সভাপতি প্ৰদীপ নাগ , ওদালগুৰি জিলাৰ সমিতিৰ আছাৰ সম্পাদক ৰবিৰাম বাস্কে আদি বিষয়ববীয়া সকল ।
লগতে সংস্কৃতি সন্ধিয়াৰ অনুষ্ঠান আয়োজন কৰে বিশেষ আমন্ত্ৰিত অতিথি ইছাক ভূঞাঁৰ গীতৰ শৰাই লগতে সহযোগ কৰে বিশ্বজিৎ সৰকাৰ (গৰুৱাঝাৰ), জেনী কুজুৰ ( চিকাৰীবাংলা),
জহাৰ ব্ৰণ্ড,, জেপি চাউণ্ড অনুষ্ঠানটোৰ মৰোঞ্জনময় কৰি তোলে।