Wednesday, February 8, 2023
Google search engine
HomeHealth & Fitnessকোনবোৰ শাক-পাচলি খালে ভিটামিন এৰ কেতিয়াও অভাৱ নহয়।

কোনবোৰ শাক-পাচলি খালে ভিটামিন এৰ কেতিয়াও অভাৱ নহয়।

ভিটামিন এ আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান। আমাৰ স্বাস্থ্য সুৰক্ষিত হৈ থকাত ভিটামিন এৰ বহুত অৱদান আছে। প্ৰতিজন স্বাস্থ্য বিশেষজ্ঞই এই পুষ্টিকৰ উপাদানৰে সমৃদ্ধ খাদ্য খোৱাৰ পৰামৰ্শ দিয়ে। ভিটামিন এৰ অভাৱ হলে চকুৰ দৃষ্টিশক্তিৰ ওপৰত প্ৰভাৱ পৰে। ইয়াৰ বাবে কুকুৰীকণা ৰোগ বা অন্ধ হোৱাৰ দৰে ৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। বিখ্যাত খাদ্য বিশেষজ্ঞ ডাঃ আয়ুষী যাদৱে জনাইছে কোনবোৰ শাক-পাচলি খালে ভিটামিন এৰ কেতিয়াও অভাৱ নহয়।

ভিটামিন এ থকা পাচলি

১) ব্ৰকলি- ব্ৰকলি এবিধ অতি পুষ্টিকৰ পাচলি। ইয়াক খালে চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায়। অন্যান্য পুষ্টিও দেহে পায় ব্ৰকলি খালে।

২) গাজৰ- গাজৰ যদিও এক শীতকালীন পাচলি, কিন্তু বছৰজুৰি ইয়াক বজাৰত পোৱা যায়। গাজৰ খালে ভিটামিন এ ভালদৰে পোৱা যায়। সেয়েহে গাজৰ খালে চকুৰ কাৰণে বৰ ভাল।

৩) ৰঙালাও- ৰঙালাও এনে এক পাচলি যিটো প্ৰায়ে ভাৰতীয় পাকঘৰত ৰন্ধা হয়। ৰঙালাওত ভিটামিন এৰ প্ৰচুৰ পৰিমাণে পোৱা যায়। গতিকে খাদ্য তালিকাত ইয়াক নিশ্চয় অন্তৰ্ভুক্ত কৰক।

৪) পালেং শাক- সেউজীয়া পাতৰ শাকৰ ভিতৰত পালেঙক স্বাস্থ্যৰ সম্পদ বুলি গণ্য কৰা হয়। ই কেৱল আমাৰ শৰীৰক পুষ্টি প্ৰদান কৰাই নহয়, বহু ৰোগৰ পৰাও আমাক ৰক্ষা কৰে। যদি আপুনি পালেং শাক খায়, তেন্তে শৰীৰে ভিটামিন এ ভালদৰে লাভ কৰিব।

৫) মিঠা আলু- মিঠা আলুত বিটা-কেৰটিনৰ ৰূপত ভিটামিন এ থাকে, যিয়ে এ এম ডিৰ পৰা সুৰক্ষা প্ৰদান কৰে বুলি জনা যায়। এটা গোটা মিঠা আলু সিজাই খালে শৰীৰে ভালদৰে ভিটামিন এ লাভ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments