আপোনাৰ সন্তানক সাতটা কি গুণ সৰুৰে পৰা শিকোৱাৰ অভ্যাস কৰিব ?
এটি শিশু দেশৰ ভৱিষ্যতৰ নাগৰিক । সৰুৰে পৰাই শিশুক কিছু ভাল অভ্যাস গঠন কৰিবলৈ শিকালে এসময়ত তেওঁ এজন সফল নাগৰিক হ’ব পাৰিব । শিশুৰ শিক্ষাৰ প্ৰথমক্ষেত্ৰ হৈছে নিজৰ ঘৰখন । ঘৰখনৰ পৰাই শিশুৰ শিক্ষা জীৱন আৰম্ভ হয় । গতিকে ঘৰখনৰ জেষ্ঠ্য সকলে শিশুক এই
সাতটা গুণ শিকোৱা একান্তই আৱশ্যক
(ক) সহযোগিতা : সহমৰ্মিতা বা সহযোগিতা এই অভ্যাস সৰুৰে পৰা এটি শিশুক শিকাব লাগে । যিহেতু ই হৈছে এক অপৰিহাৰ্য মানৱীয় বৈশিষ্ট্য । যি ভৱিষ্যতলৈ শিশুটিক সকলোৰে লগত সহযোগ কৰাৰ ক্ষমতা প্ৰদান কৰিব । সহযোগিতা হৈছে সম্প্ৰীতিৰ পৰিচয় । সম্প্ৰীতিৰ অবিহনে কেতিয়াও এখন সমাজত শান্তি -শৃংখলা অটুট নাথাকে ।
(খ) ভাগ-বতৰা কৰা : মানুহ সামাজিক প্ৰাণী । সমাজত বাস কৰিবলৈ প্ৰতিজন মানুহে ভাগ-বতৰা কৰা মনোভাৱ থাকিব লাগে । গতিকে এটি শিশুক সৰু অৱস্থাতেই যিকোনো বস্তু ভাগ-বিতৰণ কৰি খোৱাৰ অভ্যাস গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগে । যি অভ্যাসে মানুহক সমাজমুখী হোৱাত সহায় কৰে ।
(গ) শুনাৰ অভ্যাস : এটি শিশুক প্ৰথমৰ পৰাই আনৰ কথা শুনিবলৈ শিকাব লাগে । জীৱনত যিকোনো ক্ষেত্ৰতে অহা সমস্যাৰ মুখামুখি হ’বলৈ প্ৰথমে শুনি মন্তব্য দিলে , বিপদত পৰাৰ ভয় নাথাকে । যি অভ্যাসে শিশুটিক ধৈৰ্য আৰু সহনশীল হ’বলৈও শিক্ষা দিব লগতে এই অভ্যাসে এজন ভাল মানুহ হোৱাটো সহায় কৰিব।
(ঘ) সামাজিকতা : শিশুক আন মানুহৰ লগত মিলা-প্ৰীতিৰে সহবাস কৰিবলৈ শিকাব লাগে । আনৰ কথাত বাধা নিদি আনৰ মতামতক সন্মান কৰিব শিকালে ভৱিষ্যতে সমাজৰ সৈতে মিলি থকাতো সুবিধা হয় ।
( ঙ) চাপৰ সন্মুখীন হ’বলৈ শিকাব লাগে : সৰুতেই শিশুক চাপৰ সৈতে মোকাবিলা কৰিবলৈ শিকাব লাগে । যিহেতু মানুহৰ জীৱনত সুখ আৰু দুখ দুয়োটাই আহে । দুখৰ চাপ সহ্য কৰিব পাৰিলেহে সুখ প্ৰাপ্তি হয় । কোনো কাৰণত মন ভাৰাক্ৰান্ত হলে শান্ত কৰিবলৈ চাপ অতিক্ৰম কৰিবই লাগিব ।
(চ) অনুপ্ৰাণিত কৰা : অনুপ্ৰাণিত কেৱল নিজৰ শিশুকে নহয় । আনৰ কামকো অনুপ্ৰাণিত কৰিবলৈ শিশুক সৰুৰে পৰা শিকাব লাগে । সৰুতে এই শিক্ষা পালে ভৱিষ্যতলৈ অহা কঠিন সময়ক সহজে অতিক্ৰম কৰিব পাৰিব ।
(ছ) আনক তুচ্ছ-তাচ্চিল্য কৰিব নেলাগে : শিশু অৱস্থাৰ পৰাই আপোনাৰ শিশুটিক আনক তুচ্ছ-তাচ্চিল্য কৰিবলৈ নিদিব । আনক তুচ্ছ-তাচ্চিল্য কৰা যে বেয়া , সেইকথা সৰুতেই শিকাব লাগে ।