বিশ্বৰ আটাতকৈ বৃহৎ মন্দিৰ,মছজিদ কত আছে ?
আংকোৰ ৱাট (Angkor Wat)
বিশ্বৰ সকলোতকৈ বৃহৎ হিন্দু মন্দিৰ। কম্বোডিয়াত থকা এই মন্দিৰটো ১৬২.৬ হেক্টৰ ভুমিত ৰজা সূৰ্যবৰ্মণ দ্বিতীয়ই বনাইছিল।
এই মন্দিৰৰ সূৰ্য উদয় আৰু সূৰ্য অস্ত অতি মনোমোহা। মন্দিৰটোৰ সুৰক্ষাৰ বাবে ইয়াৰ চাৰিওফালে ৭০০ ফুট বহল খাল খন্দোৱাইছিল ৰজাই। মন্দিৰটোৰ প্ৰৱেশ দ্বাৰ ১০০০ ফুট ওখ।
আৰম্ভণিতে ভগৱান বিষ্ণু সমৰ্পিত এই হিন্দু মন্দিৰ বৰ্তমানে বুদ্ধ মন্দিৰ হিচাপে জনপ্ৰিয়।
স্বৰ্ণ মন্দিৰ(Sri Harmandir Sahib, Golden Temple)
শিখ ধৰ্মৰ অতিকে জনপ্ৰিয় এই গুৰুদ্বাৰা বিশ্ব বিখ্যাত। এই গুৰুদ্বাৰাৰ বাহিৰৰ কলেবৰ সোণেৰে নিৰ্মিত।
বহু বাৰ নষ্ট কৰা হৈছিল এই ধৰ্মীয় স্থলী, কিন্তু প্ৰতিবাৰেই পুনৰ নিৰ্মাণ কৰা হয় এই গুৰুদ্বাৰা।
গুৰুদ্বাৰাটোৰ চাৰিওফালে ৪খন দ্বাৰ আছে যাৰ অৰ্থ সকলো ধৰ্মৰ লোকৰ বাবে দ্বাৰ মুকলি প্ৰৱেশৰ বাবে।
দিনটোৰ ২৪ ঘণ্টাই লংগৰ লাগে ইয়াত যত একেলগে হাজাৰ হাজাৰ লোক বহি খাদ্য গ্ৰহণ কৰিব পাৰে।
ইমাম ৰেজা শ্ৰাইন (Imam Reza Shrine)
সংযুক্ত আৰবত হজ কৰিবলৈ যোৱা অল-হাৰাম মছজিদতকৈয়ো ডাঙৰ মছজিদটো আছে ইৰাণত। নাম ইমাম ৰেজা শ্ৰাইন।ইৰানৰ পৰ্যটনৰ অন্যতম আকৰ্ষণ এই মছজিদ।
২০০৭ চনৰ এক সমীক্ষা অনুসৰি প্ৰতি বছৰে প্ৰায় ২.৫ কোটি লোকৰ সমাগম হয় বিশ্বৰ সৰ্ব বৃহৎ এই মছজিদটোত।
ছেণ্ট পিটাৰছ বেছিলিকা (St. Peter’s Basilica)
ভেটিকান চিটিত থকা ছেণ্ট পিটাৰছ বেছিলিকা গীৰ্জা ঘৰটো বিশ্বৰ ভিতৰতে ধৰ্মীয় স্থলী সমূহৰ ভিতৰত সৰ্ববৃহৎ গীৰ্জা। প্ৰায় ১৫,১৬০ বৰ্গ মিটাৰ ক্ষেত্ৰফলত আছে এই গীৰ্জা।
এই গীৰ্জা ইমানেই ডাঙৰ যে একেলগে ৬০ হাজাৰ লোকে বহি প্ৰাৰ্থনা কৰিব পাৰে।
১৫০৬ চনৰ পৰা ১৬২৬ চনলৈ চলিছিল এই গীৰ্জাৰ নিৰ্মাণৰ কাম।
বৰবুদুৰ (Borobudur)
বিশ্বৰ সকলোতকৈ ডাঙৰ বৌদ্ধ ধৰ্মৰ মন্দিৰটো আছে ইণ্ডোনেছিয়াত। এই মন্দিৰৰ নাম বৰবুদুৰ।
নৱম শতিকাতে নিৰ্মাণ কৰা হৈছিল এই মন্দিৰ। ৫০৪ টা বুদ্ধ প্ৰতিমা আছে সেই স্থানত।
কিন্তু ১৪ তম শতিকাত সেই স্থানৰ ৰজাৰ পটন হোৱাত মন্দিৰৰ দ্বাৰো বন্ধ হৈ পৰে। ১৮১৪ চনত হে পুনৰ এই মন্দিৰৰ বিষয়ে জানিব পৰা যায়।